Breaking

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

0 86

মঙলদৈ পৰা অজয় ডেকা।

কৰ’না  মহামাৰীৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ৰাজ্যখনৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। লকডাউনৰ সময়ছোৱাত দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই ব্যক্তিগতভাবে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। আধুনিক তথ্য প্ৰযুক্তিৰ সহায়ত তেওঁ ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ লগতে কৰ’না ভাইৰাছৰ ভয়াবহতা আৰু এইক্ষেত্ৰত ৰাইজে পালন কৰিবলগীয়া নীতি নিয়ম সমূহ গীতৰ মাজেৰে প্ৰকাশ কৰি সমাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰিছে। নিজ বিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক পৰিৱেশত কেইগৰাকীমান স্থানীয় প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰীৰ সহযোগত সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখি মোবাইলত গীত ৰেকৰ্ডিং কৰি চছিয়েল মিডিয়াত সেই গীত সমূহ প্ৰচাৰ কৰিছে শিক্ষক গৰাকীয়ে। শিক্ষক গৰাকীৰ এনে পদক্ষেপত বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰী কেইগৰাকীমানেও কণ্ঠদান কৰিছে। জানিব পৰা মতে, সহকাৰী প্ৰধান শিক্ষক সোনাৰাম ডেকাই কৰ’না ভাইৰাছ আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এটা – দুটাকৈ মুঠ সাতটা গীত ৰচনা কৰাৰ লগতে সুৰ কৰি সীমাশ্ৰী ডেকা, অনামিকা ডেকা, হিমাশ্ৰী মেধি, নিৰ্মালী মেধি, নন্দিতা চহৰীয়াৰ লগত কণ্ঠদান কৰিছে। হিমাক্ষী প্ৰিয়ম মেধি, বৰষাৰাণী ডেকাই ঘোষিকাৰ দায়িত্ব পালন কৰা গীত কেইটিত ৰবীন্দ্ৰ ডেকা, তীৰ্থ চহৰীয়া, দুৰ্গা ডেকা, উপেন চহৰীয়া, সমীৰণ ৰাজবংশী, অতুল ডেকা, বুলু ডেকা, কুলেন ডেকা, লোহিত ডেকা, অমৰেন্দ্ৰ ডেকা বাদ্যযন্ত্ৰ বজাই সহযোগ কৰিছে। বহিঃৰাজ্যত থকা ককায়েকলৈ বুলি ভনীয়েকে গোৱা ‘ককাইদেউ অ’ ভালকৈ থাকিবি দেই, ককাইদেউ অ’ সাৱধানে থাকিবি দেই, চেনিটাইজ কৰিবি মাস্কখন পিন্ধিবি লকডাউন মানিবি দেই/ লকডাউনৰ মাজত ঘৰত অকলে থকা বৃদ্ধ পিতৃলৈ বুলি কন্যাই গাইছে – ‘অ’ মোৰ দেউতা কেনেকৈ চলিছ তই, অ’ মোৰ দেউতা খাবলৈ পাইছ নে নাই —–‘/ ‘কৰ’নাৰ আহিছে ঐ ৰাম, বিধ্বংসী ৰূপেৰে ঐ ৰাম—–‘ গীতকে ধৰি সাতটা শ্ৰুতিমধুৰ তথা সমাজলৈ বাৰ্তা বাহক গীতে ইতিমধ্যে ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীত কেইটি মোবাইলত ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰাত সহযোগ কৰিছে ঋষিকেশ ডেকা, হিমাক্ষী প্ৰিয়ম মেধি, ইন্দ্ৰপ্ৰসাদ ডেকা আৰু অপূৰ্ব ডেকাই।Attachments area

Leave A Reply