Breaking

হাতত কাঁচি লৈ পথাৰত নামিল সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

0 2,268

আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোন দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধাননীডৰা এতিয়া সোণোৱালী হ’ল। সোণোৱালী ধান চপোৱাৰ সময় এয়া। সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। হাতত কাঁচি লৈ জীয়ৰী-বোৱাৰী দাৱনী জাক এতিয়া ব্যস্ত সোণগুটি চপোৱাত। তেনে সময়তে আজি সোণাৰিৰ ভজোৰ ধাননি পথাৰত দাৱনীৰ ৰূপত দেখা গ’ল সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। হাতত কাঁচি লৈ ধান চপালে বিধায়কগৰাকীয়ে। উল্লেখ্য যে, সোণাৰিত কৃষি বিভাগৰ উদ্যোগত পৰীক্ষামূলক ভাৱে ৰোপন কৰা দহবিধ বিভিন্ন জাতৰ ধান চপোৱাৰ উদ্দেশ্যে আজি এক অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ধান চপোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। আত্মাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থকা এপাৰ্টৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি সোণাৰিৰ ভজোত বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যত এপাৰ্ট আঁচনিৰ অধীনত চৰাইদেউ কৃষি বিভাগৰ উদ্যোগত দুই বিঘা মাটিত পৰীক্ষা মূলকভাৱে ৰোপন কৰা হৈছিল  দহটা উন্নত জাতৰ কঠিয়া। এই  আঁচনিৰ জৰিয়তে উৎপাদিত ধানৰ গৱেষণা কৰা হব আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত। আগষ্ট মাহত ৰোপন কৰা কঠিয়াৰ উৎপাদিত ধান চপোৱাৰ লগতে মূল্যায়নৰ উদ্দেশ্যে আজি ভজোৰ পথাৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়কগৰাকীৰ লগতে চৰাইদেউ জিলা কৃষি বিভাগৰ উপৰিও এপাৰ্টৰ বিষয়ববীয়া, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিষয়া, তথা স্থানীয় কৃষকসকল উপস্থিত থাকে।

Leave A Reply