Breaking

চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী ! দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক

0 47

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত ছোনিয়া গান্ধী। বুধবাৰে (৪ জানুৱাৰী) গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক। পিটিআইৰ সূত্ৰই জনোৱা মতে, ছোনিয়া গান্ধীক ৰুটিন চেকআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁৰ লগত কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰা চিকিৎসালয়লৈ গৈছে বুলিও কয়। তেওঁৰ মতে ছোনিয়া গান্ধী শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত।

সূত্ৰই জনোৱা মতে, মঙলবাৰৰ পৰা ছোনিয়া গান্ধীৰ অসুস্থ, যাৰ বাবে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা ভাৰত জোডো যাত্ৰাত সাত কিলোমিটাৰ খোজ কাঢ়ি মঙলবাৰে সন্ধিয়া ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীলৈ উভতি আহিছিল। ভাৰত জোডো যাত্ৰাৰ পৰা উভতি আহিল প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশৰ বাঘপাটৰ মাভি কলনত ৰৈ বুধবাৰে পুৱা ৬ বজাত কংগ্ৰেছৰ ভাৰত জোডো যাত্ৰা পুনৰ আৰম্ভ হয়। অৱশ্যে ৰাহুল গান্ধীৰ সৈতে প্ৰিয়ংকা গান্ধীয়ে পুৱাৰ যাত্ৰাত যোগদান কৰা নাছিল। পাৰ্টিৰ সূত্ৰই জনোৱা মতে, দুপৰীয়াৰ পিছত তেওঁ যোগদান কৰাৰ সম্ভাৱনা আছে।

যোৱা বছৰো চিকিৎসালয়ত ভৰ্তি হৈছিল

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীকো কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে বিগত বৰ্ষৰ জুন মাহত দিল্লীৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। যদিও কিছুদিন পিছত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছিল।

শেহতীয়াকৈ এই যাত্ৰাত যোগদান কৰিছিল ছোনিয়া গান্ধীয়ে

২৪ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত ভাৰত জোডো যাত্ৰাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীৰ সৈতে অলপ দূৰ খোজ কাঢ়িছিল ছোনিয়া গান্ধীয়ে। এই যাত্ৰাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে অক্টোবৰ মাহত কৰ্ণাটকত থকাৰ সময়ত এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল। পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে কেইমিনিটমান খোজ কাঢ়িছিল ছোনিয়া গান্ধীয়ে।

Leave A Reply