Breaking

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছোনিয়া গান্ধী , ৰাহুলকে ধৰি অন্যান্য কংগ্ৰেছ নেতাসকলে…

0 58

ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছোনিয়া, ৰাহুলকে ধৰি অন্যান্য কংগ্ৰেছ নেতাসকলে , আজি ইন্দিৰা গান্ধীৰ ১০৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বহু কংগ্ৰেছ নেতাই তেওঁক শ্ৰদ্ধা জনাই তেওঁক স্মৰণ কৰে।

ইন্দিৰা গান্ধীক ‘আইৰন লেডী’ বুলিও কোৱা হয়। ছবিত চাওক। ৰাজঘাটত ইন্দিৰা গান্ধীৰ ১০৫ সংখ্যক জন্ম জয়ন্তীত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ছোনিয়া গান্ধীয়েও ১০৫ সংখ্যক জন্ম জয়ন্তীত শাহুৱেক ইন্দিৰা গান্ধীক স্মৰণ কৰে। ভাৰত জোডো যাত্ৰাত ব্যস্ত থকাৰ পিছতো ৰাহুল গান্ধীয়ে সময় উলিয়াই আইতাক ইন্দিৰা গান্ধীৰ ১০৫ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।

আজি ইন্দিৰা গান্ধীৰ ১০৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উভতি অহা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।

Leave A Reply