পিতৃৰ সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাট হোৱাতো স্বাভাৱিক ।কিন্তু যি সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত সম্পত্তি অসম চৰকাৰক সংৰক্ষণৰ বাবে তেজপুৰ বাসী ৰাইজে দাবী তুলি আহিছে সেই সময়তে কলাগুৰু সম্পত্তিক লৈ পুত্ৰৰ মাজত সংঘাতে চুড়ান্ত ৰূপ ধাৰণ কৰিছে ।উল্লেখযোগ্য যে তেজপুৰৰ কলিবাৰীত অৱস্থিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ অনন্য সৃষ্টি আৰু আপুৰুগীয়া সম্পদ সম্বলিত বাসগৃহটো ঋণৰ বিপৰীতে বেঙ্কত বন্ধকীত থৈছে বুলি গুৰুত্ব অভিযোগ তুলিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই । হেমৰাজ ৰাভাই এই সুযোগতে কোনো তৃতীয় পক্ষৰ প্ৰবেশ ঘটিলে কলাগুৰু দেৱৰ সৃষ্টিৰাজি হয়তো অসমীয়া সমাজৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন হ’ব। সেয়ে এই কাৰ্য্যৰ গৰিহনা দি আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটি উচিত তদন্ত বিচাৰিছে হেমৰাজ ৰাভাই ।তেওঁৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনি পুত্ৰৰ মাজত তেজপুৰৰ মণ্ডলে কি অংকত ৩কঠা ১২লেচা মাটি সমানে দুভাগ কৰিলে এজনৰ ভাগত ২কঠা আৰু আনজনৰ ভাগত ১কঠা ১২লেচা কৈ পৰে । এজনৰ ১কঠা ১৫লেচা পাই বুলি প্ৰশ্ন কৰে ।।ইফালে এই সন্দৰ্ভত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ফোন যোগে জনাইছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তিনি জন পুত্ৰৰ সমান অধিকাৰ আছে । মই ছোৱালী পঢ়োবাৰ বাবে মাটি বন্ধকত দিছো । টকা পালে ঘুৰাই আনিম ইয়াত লৈ আলোচনা কোনোবাই আপত্তি কৰা যুক্তি কি বুলিও জানিবলৈ দিয়ে ।।উল্লেখযোগ্যযে কলাগুৰু বিষ্ণু ৰাভাই বেঙ্কৰ পৰা ২০০০০/- টকা ঋণ লৈ নিজৰ ঘৰটো নিৰ্মাণ কৰিছিল। বিনিময়ত ঘৰটো বেঙ্কত বন্ধকত আছিল। কোনো আয় নথকা বিষ্ণু ৰাভাৰ ঋণ পৰিশোধ কৰাৰ সামৰ্থ্যতা নাছিল। ফলত তেখেতৰ জীৱিত কালতেই দুবাৰকৈ নিলামৰ জাননী আহিছিল। মৃত্যুৰ সময়ত সেই ঋণ সুদে মূলে ৬০০০০/- টকা হৈছিলগৈ। গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰি থকা সময়ৰ তেতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় বিমলাপ্ৰসাদ চলিহাদেৱে খবৰ লবলৈ অহাত চকু পানী টুকি চলিহাদেৱক সকলো কথা অবগত কৰাত মুখ্যমন্ত্ৰী চলিহাদেৱে সেই ঋণ পৰিশোধ কৰি বিষ্ণু ৰাভাক ঋণমুক্ত কৰে। এতিয়া পুনৰ সেই ঘৰটো বেঙ্কত বন্ধকত ৰখাটো বিষ্ণু ৰাভাক শ্ৰদ্ধা কৰাসকলে বিচাৰে নে? সেইয়া ডাঙৰ প্ৰশ্ন ।
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা