Breaking

নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত সোণোৱাল

0 1,575

শনিবাৰে নিশা নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হয় অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ নিশা ৯ বজাত আধ্যাত্মিক চিন্তাৰ কেন্দ্রস্থল কৃষ্ণগুৰু সেৱাশ্রমত আহি উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সোণোৱাল৷

নিশা মূল দ্বাৰেৰে কৃষ্ণগুৰু সেৱাশ্রমৰ মূল কীর্তন ঘৰত সোমাই সেৱা গ্রহণ কৰি গুৰুৰ আশিস গ্রহণ কৰাৰ পিছত সুৱর্ণ কুঢ়ত পদব্রজে প্রৱেশ কৰে৷ ইয়াতে কিছু সময় একনাম জপ কৰি গুৰুগৃহত প্রৱেশ কৰে৷ গুৰুগৃহত সেৱাশ্রমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ লগতে সেৱাশ্রমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয়৷

উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী হোৱাৰ পিছত প্রথমবাৰৰ বাবে শনিবাৰে নিশা কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হ’ল প্রাক্তন মুখ্যমন্ত্রী সোণোৱাল৷ ইপিনে, সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি সোণোৱালে কয় যে সকলোৰে মংগলৰ বাবে আজি গুৰু সেৱা কৰিবলৈ আশ্রমত উপস্থিত হৈছে৷

Leave A Reply