Breaking

দুৰ্গা পূজাত মানি চলিব লাগিব SOP ! চৰকাৰে দিছে ১৬টা কৈ কঠোৰ নিৰ্দেশনা…

0 681

দুৰ্গা পূজাত মানি চলিব লাগিব SOP ! চৰকাৰে দিছে ১৬টা কৈ কঠোৰ নিৰ্দেশনা…দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। গুৱাহাটীৰ প্ৰত্খন পূজা সমিতিৰ সৈতে মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক।প্ৰশাসনে মুকলি কৰিছে পূজাৰ SOP, দিছে ১৬টা কৈ কঠোৰ নিৰ্দেশনা। প্ৰতিখন পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল’ব লাগিব অনুমতি।

ৰাস্তা বন্ধ কৰি পূজা মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব

প্ৰতিখন পূজা কমিটিয়ে লগাব লাগিব CCTV

FirstAidৰ ব্যৱস্থা ৰাখিব লাগিব

স্বেচ্ছাসেৱকসকলে বেজ পৰিধান কৰিব লাগিব

প্ৰয়োজনতকৈ অধিক বেছি লাইটিং কৰিব নোৱাৰিব

পূজা মণ্ডপৰ ওচৰে-পাঁজৰে পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব

সাংস্কৃতিক সন্ধিয়া মাজনিশালৈ নকৰিবলৈ আহ্বান। ৯ বজাৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান শেষ কৰাৰ আহ্বান

অগ্নিনিৰ্বাপনৰ প্ৰাথমিক ব্যৱস্থা পূজা সমিতিসমূহে নিজে ল’বলৈ লাগিব

মণ্ডপৰ সমুখত সভাপতি আৰু সম্পাদকৰ নাম আৰু ফোন নম্বৰ সম্বলিত বেনাৰ লগাই ৰাখিব লাগিব

দেৱী বিসৰ্জনৰ কাম দিনৰ ভাগতে সামৰিবলৈ আহ্বান। কাছমাৰী ঘাট, পাণ্ডু ঘাট, চূণচালি ঘাটত হ’ব দেৱী বিসৰ্জন

ডাষ্টবিন সঠিককৈ ব্যৱহাৰ কৰিব লাগিব

প্ৰদূষণমুক্ত সামগ্ৰীৰে নিৰ্মাণ কৰিব লাগিব মা দেৱীৰ মূৰ্তি

শব্দ প্ৰদূষণ যাতে নহয় তাৰ প্ৰতিয়ো গুৰুত্ব দিবলৈ আহ্বান

বিদ্যুতৰ সংযোগৰ বাবে APDCL কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব

বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ আহ্বান

Leave A Reply