পুনৰ হৃদৰোগত আক্ৰান্ত সৌৰভ গাংগুলী : হাস্পতালত ভৰ্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী পুনৰ হৃদৰোগত আক্ৰান্ত। যাৰ বাবে কলিকতাৰ এপ’ল’ হাস্পতালত ততাতৈয়াকে ভৰ্তি কৰোৱা হয় গাংগুলীক।

উল্লেখ্য যে, চলিত বৰ্ষৰে জানুৱাৰী মাহৰ প্ৰথম ভাগত হৃদৰোগত আক্ৰান্ত হোৱা বাবেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গাংগুলিক। আৰু এক হৃদযন্ত্ৰৰ অপাৰেচনৰ পিছতে সুস্থ হোৱাত ঘৰলৈ উভতিছিল। যদিও ঘৰতে চিকিৎসকৰ তত্বাৱধানত আছিল সৌৰভ গাংগুলি। পিছে আজি একেটা মাহতে পুনৰ হৃদৰোগত আক্ৰান্ত হয় তেখেত।

Related Articles