Breaking

বিশ্বকাপৰ মেগা ফাইনেললৈ আমন্ত্ৰণ নজনালে সৌৰভ গাংগুলীক!

0 89

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ মেগা ফাইনেল। সমগ্ৰ দেশে এতিয়া ভাৰতৰ বিজয়ৰ বাবে প্ৰাৰ্থনা জনাইছে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ফাইনেললৈ বহুতকে আমন্ত্ৰণ জনোৱা হৈছে। খেলৰ দিনা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এণ্টনি এলবানিজও উপস্থিত থাকিব বুলি আশা কৰা হৈছে। কিন্তু ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ফাইনেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। গাংগুলী আহমেদাবাদতে উপস্থিত আছে, কিন্তু তেওঁক বিশ্বকাপৰ মেগা ফাইনেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই! ‘২০ বছৰ আগতে দেশক ক্ৰিকেট বিশ্বকাপৰ ফাইনেললৈ লৈ যোৱা গাংগুলীক ফানেল খেল উপভোগ কৰিবলৈ আমন্ত্ৰণ নজনোৱাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে। কথাষাৰ বিশ্বাস কৰা কঠিন, কিন্তু সেয়াই সঁচা।

নিৰ্ভৰযোগ্য সূত্ৰঅনুসৰি, সৌৰভ গাংগুলী বৰ্তমান আহমেদাবাদত আছে। তেওঁ আইচিচিৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহমেদাবাদলৈ আহিছে।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে গাংগুলীয়ে আইচিচিৰ বৈঠকত অংশগ্ৰহণ কৰিয়েই পুনৰ কলকাতালৈ উভতি যাব।

Leave A Reply