Breaking

দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী এম এছ ধোনিৰ পত্নী সাক্ষী। ‘পুষ্পা ২’ মুক্তিৰ বাবে অপেক্ষা সাক্ষীৰ…

0 21

ক্ৰিকেটাৰ ধোনিৰ পত্নী সাক্ষী এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ অনুৰাগী। সাক্ষী আৰু ধোনীয়ে এতিয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। তেওঁৰ বেনাৰ ধোনি এণ্টাৰটেইনমেণ্টৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইয়াৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী আৰু অভিনেতাগৰাকীৰ সকলো ছবি চাইছে বুলি মন্তব্য কৰে। এম এছ ধোনী আৰু সাক্ষীয়ে প্ৰথম প্ৰডাকচন ভেঞ্চাৰ হিচাপে প্ৰযোজনা কৰিব ৰোমান্টিক ছবি ‘লেটছ গেট মেৰেড ওৰফে এল জি এম’। হায়দৰাবাদত অনুষ্ঠিত এক প্ৰচাৰ অনুষ্ঠানত সাক্ষীয়ে প্ৰকাশ কৰে যে তেওঁ আল্লু অৰ্জুনৰ অনুৰাগী। আল্লু অৰ্জুনৰ এটা ফেন পেজে ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

চতুৰ্থখন বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে আল্লু অৰ্জুন আৰু চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবিক্ৰম। একে সময়তে আল্লুৰ ‘পুষ্পা ২’ও শীঘ্ৰে মুক্তি পাব। সকলোৱে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ‘পুষ্পা ২’ মুক্তিৰ বাবেও অপেক্ষা কৰি আছে সাক্ষী আৰু ধোনীয়ে।

Leave A Reply