Breaking

কাকীৰ উচ্ছেদক লৈ দক্ষিণ বৰপেটা জিলা আমছু’ৰপ্ৰতিবাদঃকলা বেজ পৰিধান

0 1,035

 সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ʼআমছুʼৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কালি  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে দক্ষিণ বৰপেটা জিলা আমছুৱে হোজাই জিলাৰ কাকী অঞ্চলৰ ৭৪ টা পৰিয়ালক কালি প্ৰশাসনে উচ্ছেদ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ প্ৰাংগণত আমছুৰ কৰ্মকৰ্তা সকলে দিনৰ ১১বজাত কলা বেজ পৰিধান কৰি হোজাই জিলাৰ কাকী অঞ্চলৰ উচ্ছদক অমানৱীয় আখ্যা দি অসম চৰকাৰ হায় হায়, উচ্ছেদ কাৰ্য বন্ধ কৰক, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ভূমিহীন লোকক ভূমি প্ৰদান কৰক, আমছু জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ উক্ত উচ্ছেদিত সন্ধৰ্ভত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত  দক্ষিণ বৰপেটা জিলাা আমছুৰ সভাপতি ৰহুল আমিন, উপসভাপতি ইকবাল হুছেইন, সম্পাদক, ৰফিকুল ইছলামৰ লগতে ভালে সংখ্যক আমছুু’ৰ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply