Breaking

‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ৰ বাবে নলবাৰীৰ জংকি শৰ্মালৈ স্পন্দন বঁটা…

0 49

‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ৰ বাবে নলবাৰীৰ জংকি শৰ্মালৈ স্পন্দন বঁটা

২০২৩ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ ঘোষণা কৰা হৈছে । জানিব পৰা মতে সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান “স্পন্দন… শব্দৰ পৰা হৃদয়লৈ”ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ৰ ফলাফল ঘোষণা কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মাই ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে নিৰ্বাচিত হৈছে ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ৰ বাবে । অহা ৩ ডিচেম্বৰত কটন বিশ্ববিদ্যালয় এলমনাই হলত অনুষ্ঠিতব্য সভাত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব।

বঁটাটোত আছে নগদ ১০ হাজাৰ টকা,স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰৰ লগতে গ্ৰন্থৰ টোপোলা। জংকি শৰ্মাৰ সফলতাত তেওঁক অভিনন্দন জনাইছে নলবাৰীৰ সাহিত্যৰসিকে । উল্লেখ্য যে ‘চহৰতো এখন আকাশ আছে’ শীৰ্ষক কাব্য সংকলন এখন ইতিমধ্যে প্ৰকাশিত জংকি শৰ্মাই ২০১৮ চনত নলবাৰী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটাও লাভ কৰিছিল ।

Leave A Reply