Breaking

স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবোৰ ঘৰত ভগৱান গণেশৰ প্ৰতিচ্ছবি

0 1,046

জনপ্ৰিয় স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবোৰ এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। নেটফ্লিক্সৰ জনপ্ৰিয় ৱেব চিৰিজ মানি হাইষ্টত (Money Heist) মণিকাৰ চৰিত্ৰত অভিনয় কৰা স্পেনিছ অভিনেত্ৰীগৰাকীক লৈ ভাৰতত হৈছে বিশেষকৈ চৰ্চা। এষ্টাৰ এচিবোৰৰ এখন ফটো ভাইৰেল হৈছে। সেই ফটোখনত এষ্টাৰ এচিবোৰ লগতে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এষ্টাৰ এচিবোৱে ঘৰৰ দেৱালত আঁৰি থৈছে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি। ভাৰতীয় অনুৰাগীসকলে এই ফটোখন দেখি যথেষ্ট সুখী হৈ পৰিছে আৰু তেওঁলোকে এই ফটোখন খুব শ্বেয়াৰ কৰিছে।

একাংশই কৈছে যে ভাৰতীয়সকলৰ বাবে এয়া অতি গৌৰৱৰ মুহূৰ্ত। কোনোবাই সুধিছে যে এষ্টাৰ এচিবো ভগৱান গণেশৰ ভক্ত নেকি? কিছুসংখ্যকে ভগৱান গণেশৰ আশিস তেওঁ যাতে সদায় লাভ কৰে, তাৰবাবে শুভকামনা জনাইছে। এগৰাকী বিদেশী অভিনেত্ৰী হৈয়ো হিন্দু ধৰ্মৰ উপাসক ভগৱান গণেশক এইদৰে মান্যতা দিয়া দেখি স্পেনিছ অভিনেত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই দিছে ভাৰতীয় দৰ্শকসকলে। উল্লেখ্য যে এষ্টাৰ এচিবোৰ জন্ম হৈছিল ১৯৮৩ চনৰ ১৯ জানুৱাৰীত স্পেইনৰ মাদ্ৰিদত।

৩৮ বছৰীয়া এষ্টাৰে নেটফ্লিক্সৰ ৱেব চিৰিজ মানি হাইষ্টৰ পৰা বিশ্বজুৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। এয়া স্পেনিছ শ্ব যদিও ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে আছে। ছিৰিজটোৱে ভাৰততো পূৰ্ণ সঁহাৰি লাভ কৰিছিল। মানি হাইষ্টত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল মনিকা যাক দৰ্শকসকলে বৰকৈ পচন্দ কৰিছে। মানি হাইষ্টৰ উপৰিও এষ্টাৰে এণ্ডলে অ’ডামানিঅ, আমটেছ ডি পেৰ্ডাৰ আৰু লছ আন্সান্টাডোছত অভিনয় কৰি দৰ্শকৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল।

Leave A Reply