Breaking

কটন বিশ্ববিদ্যালয়ত ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়, “আমি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি দিব লাগিব”

0 52

কটন বিশ্ববিদ্যালয়ত ১২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়, “আমি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি দিব লাগিব”কটন বিশ্ববিদ্যালয় (পূৰ্বৰ কটন মহাবিদ্যালয়)য়ে আজি ১২৩ বৰ্ষত ভৰি দিয়ে। সেই উপলক্ষে বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰে নিজৰ গৌৰৱময় অস্তিত্বৰ ১২২টা গৌৰৱময় বছৰ উদযাপন কৰে। উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণেৰে আৰম্ভণি কৰা অনুষ্ঠানটোত উপাচাৰ্যগৰাকীয়ে তেখেতৰ বক্তব্যত উল্লেখ কৰে — ‘কটন বিশ্ববিদ্যালয়ে গৱেষণা, মুক্ত চিন্তা আৰু মুক্ত কলা শিক্ষাপ্ৰণালীৰ এক সজীৱ কেন্দ্ৰ হিচাপে কাম কৰিব লাগিব আৰু সংহত চিন্তা, সৃষ্টিশীলতা আৰু সামাজিক দায়বদ্ধতাৰ সংস্কৃতিক লালন-পালন কৰিব লাগিব’। প্ৰতিষ্ঠা দিৱসৰ ক্ষণত তেওঁ কয়, ‘আজিৰ দিনটোত আহক আমি আমাৰ কৃতিত্ব আৰু সাফল্যক উদযাপন কৰোঁ, আমাৰ অতীতক সন্মান জনাই আগন্তুক সীমাহীন সম্ভাৱনাক আকোৱালি লওঁ’।

প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়া। ভাষণৰ সময়ত তেওঁ মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সমসাময়িকসকলক কৃতিত্ব দিয়ে যিসকলে ব্ৰিটিছ শাসন কালত অসমত কটন কলেজ স্থাপনৰ সপক্ষে জনমত সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ কয়, ‘এই অনুষ্ঠানে ইমানবোৰ মহান ব্যক্তিত্বৰ সৃষ্টি কৰিছে যিয়ে এই অঞ্চল আৰু দেশলৈ সুনাম কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শিক্ষকসকলক মই বিশেষভাৱে শলাগিছো।’অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ‘প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা’। এই বক্তৃতা প্ৰদান কৰে বিশিষ্ট বতৰ আৰু জলবায়ু বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে। ভাষণত গোস্বামীয়ে উল্লেখ কৰে যে, সামগ্ৰিকভাৱে ভাৰত আৰু বিশেষকৈ উত্তৰ-পূব অঞ্চলত প্ৰয়োগ গৱেষণাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। অৱশ্যে মৌলিক গৱেষণা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু যিকোনো গৱেষণাৰ ভেটি বুলিও তেওঁ কয়। গোস্বামীয়ে লগতে উল্লেখ কৰে কেনেদৰে জীৱাশ্ম ইন্ধন ঔদ্যোগিক বিপ্লৱে কিদৰে জলবায়ু সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ লগতে কয়, ‘আমি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনক পুনৰ চোৱাৰ সময় আহি পৰিছে। প্ৰশ্নটো হ’ল- আমি একেবোৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনেৰে আগবাঢ়িব লাগে নে আমি বেলেগ ধৰণে চিন্তা কৰিব লাগে?’
উক্ত অনুষ্ঠানত স্নাতক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৭ চনত প্ৰতিষ্ঠা কৰা বাৰ্ষিক বঁটা দুৰ্গেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা পদাৰ্থ বিজ্ঞান বিভাগৰ নম্ৰতা নাথক প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ শিক্ষক ড° অৰূপ কুমাৰ হাজৰিকাক গৱেষণাৰ পাৰদৰ্শিতাৰ বাবে সন্মানিত কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীপ ভূঞাকো এই বছৰৰ ৰজত কমল বঁটা লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানৰ সময়ত বৰ্তমানৰ কটনিয়ান, প্ৰাক্তন কটনিয়ানৰ লগতে শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা আৰু বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰায় ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীকো স্বীকৃতি প্ৰদান কৰা হয়।

ইয়াৰ পূৰ্বে আজি পুৱা অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কটনিয়ান ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজৰ টুইটাৰত লিখিছে, ‘প্ৰতিজন কটনিয়ানৰ বাবে আজি এটি বিশেষ দিন৷ পূৰ্বৰ কটন মহাবিদ্যালয় তথা বৰ্তমানৰ বিশ্ববিদ্যালয়খনৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস৷ এজন কটনিয়ান হিচাপে এই মুহূৰ্তত বহু স্মৃতিয়ে দোলা দিছে৷ কটন কলেজৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন৷’শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱেও কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য , শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক টুইটযোগে শুভেচ্ছা জনায়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আঁত ধৰে ড° সংগীতা বৰঠাকুৰ আৰু ড° চয়নিকা দত্তই। আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে। এই অনুষ্ঠানত অধ্যাপক, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, কটনিয়ানসকল, কৰ্মচাৰী, প্ৰাক্তন কটনিয়ানকে ধৰি বহু অতিথি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply