Breaking

কামৰূপত তৃতীয় লিংগৰ ব্যক্তি সকলৰ অধিকাৰ, সুৰক্ষা সম্পৰ্কীয় বিশেষ সজাগতাৰ কাৰ্যসূচী

0 115

কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে কামৰূপ জিলা সমাজকল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়, অসমৰ সহযোগত তৃতীয় লিংগৰ ব্যক্তি সকলৰ অধিকাৰ, সুৰক্ষা ইত্যাদিৰ ওপৰত সংশ্লিষ্ট বিভিন্ন পক্ষক সামৰি এক বিশেষ সজাগতাৰ কাৰ্যসূচী অনুষ্ঠিত হয়।

সমাজকল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সজাগতাৰ কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া নিশা মনি কলিতাই তৃতীয় লিংগৰ ব্যক্তি সকলৰ সামাজিক সুৰক্ষা, অধিকাৰ ইত্যাদিৰ ওপৰত উপযুক্ত সজাগতাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে সামৰি এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি অৱগত কৰে যাতে তৃতীয় লিংগৰ ব্যক্তি সকলৰ অধিকাৰ আৰু সুৰক্ষা নিশ্চিতকৰণেৰে সমাজত তেওঁলোকৰ এক মৰ্যদাসম্পন্ন জীৱন ধাৰণ নিশ্চিত কৰিব পৰা যায়।

সজাগতাৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ এচ’চিয়েট উপাধ্যক্ষ স্বাতি বিধান বৰুৱাই তৃতীয় লিংগৰ ব্যক্তিৰ সংজ্ঞা, ৰাজ্যখনত এই ব্যক্তিৰ পৰিসংখ্যা, সামাজিক সুৰক্ষা, তৃতীয় লিংগ ব্যক্তিৰ সুৰক্ষা আৰু অধিকাৰ আইন, ২০১৯ অসম ৰাজ্যিক তৃতীয় লিংগৰ ব্যক্তি সকলৰ বাবে প্ৰণয়ণ কৰা নীতি, ২০২০ ইত্যাদিৰ অধীনত এই ব্যক্তি সকলে পাবলগীয়া সামাজিক নিৰাপত্তা, অধিকাৰ ইত্যাদিৰ বিষয়ে বহলাই ব্যখ্যা কৰে। তেওঁ লগতে তৃতীয় লিংগৰ ব্যক্তি সকলৰ প্ৰমাণ পত্ৰ, আইডেনটিটি কাৰ্ড তথা অন্যান্য সুবিধা প্ৰাপ্তিৰ বাবে থকা ৰাষ্ট্ৰীয় পোৰ্টেলৰ বিষয়েও ব্যখ্যা কৰে।

সজাগতাৰ কায্যসূচীত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ পৰা উপস্থিত থকা ব্যক্তি সকলে এই বিষয়ত উত্থাপন কৰা প্ৰশ্ন সমূহৰো উত্তৰ প্ৰদান কৰা হয়।

উক্ত কায্যসূচীত অতিৰিক্ত উপায়ুক্ত সুজতা গগৈয়েও তৃতীয় লিংগৰ ব্যক্তি সকলৰ সামাজিক সুৰক্ষাৰ নিশ্চিতকৰণৰ দিশত থকা বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে সদৰি কৰে।


অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকীৰ সচিব প্ৰণামিকা গোস্বামীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

Leave A Reply