Breaking

পানেৰী চাহ বাগিচাত আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী সকলক বিশেষ অভিনন্দন

0 580

ষষ্ঠী পূজাৰ দিনাই ওদালগুৰিৰ পানেৰি চাহ বাগিচাত সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ নেতাক আদৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ আদিবাসী লোক।ৰাজপথত জনগোষ্ঠীয় নৃত্যৰে উদুলী-মুদুলী পৰিৱেশ আনন্দত মতলীয়া আদিবাসী জনগোষ্ঠীয় লোক সকলক।জনগোষ্ঠীয় নৃত্যৰে ওদালগুৰি তামুলপুৰ ৰাজপথত ঝুমুৰৰ তালে তালে সকলোৱে এপাক নাচি মন উতনুৱা কৰি দিলে, বহু বিৰতিৰ পাছত লাভ কৰা সপোনৰ এক চুক্তি।এয়া হৈছে আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰী সকলৰ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অৱশেষত ১৫ ছেপ্তেম্বৰত মূল সুতিলৈ উভতি অহা আদিবাসী উগ্ৰপন্থীৰ শীৰ্ষ নেতাক এনেদৰে নৃত্য গীতেৰে এক বিশেষ অভিনন্দন অনুষ্ঠানলৈ আদৰিছে হাজাৰ-হাজাৰ আদিবাসী ৰাইজে।পুষ্পাঞ্জলী চতিয়াই উৰুলী দি আদিবাসী গামোচাৰে ওদালগুৰিৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত কৰা হয় শান্তি চুক্তি স্বাক্ষৰকাৰী সকলক বিশেষ অভিনন্দন অনুষ্ঠান।উক্ত অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে ওদালগুৰি জিলা সমিতি আছা , আৱা ,উড়িয়া যুৱ ছাত্ৰ পৰিষদ ,এএ এনএল এ, বিচিএফ ,এছ টি এফ , এচিএমএ ,এপিএ , ইউনিত কেচ ফায়াৰ, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু সমূহ ওদালগুৰি জিলাৰ কেইবাখনো চাহ বাগিচাৰ ৰাইজে আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী সকলক বিশেষ অভিনন্দন জনাই।


অভিনন্দন অনুষ্ঠানত খনত উপস্থিত থাকে ক্ৰমে আদিবাসী সশস্ত্ৰ সংগঠনৰ শীৰ্ষক নেতা বিৰছা কামান্ডু ফৰ্চৰ মুখ্য সেনাধ্যক্ষসুভাষ তিৰ্কী, আনলাৰ মুখ্য সেনাধ্যক্ষ পিটাৰ ডাং,আনলাৰ সভাপতি দ্বীপেন নায়ক,আপাৰ মুখ্য সেনাধ্যক্ষ লক্ষণ চৰেন, আকমাৰ সভাপতি জাব্ৰিয়াছ খাখা,বি,চি,এফ FGৰ মুখ্য সেনাধ্যক্ষ বাদল টুডু,তিৰ্কু টুডু চেয়াৰমেন বি,চি,এফ, বিশাল ধনোৱাৰ উপ সেনাধ্যক্ষ বি,চি,এফ, আছাৰ কেন্দ্ৰীয় সম্পাদক যোছেফ মিঞ্জ, আদিবাসী শান্তি চুক্তি সমন্বয় সমিতিৰ বলদেব তেলী,বীৰেন মিৰ্ধা,ওদালগুৰি জিলা আছাৰ সভাপতি টিংকু উৰাং, সম্পাদক প্ৰতাপ সিং গোঁড়ৰে।অনুষ্ঠান খনত ঐতিহাসিক শান্তি চুক্তিৰ জৰিয়তে আদিবাসী লোক তথা অসমৰ সমূহ জনসাধাৰণৰ মাজলৈ এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ লগতে স্বাধীনতাৰ পসত্তৰ বছৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে যি ঐতিহাসিক ৰায় দিলে তাৰ শলাগ লয় মূল সুতীলৈ উভতি অহা সংগঠনৰ কেডাৰসকলে,লগতে চৰকাৰে চুক্তিত যি কেইটা প্ৰস্তাৱ লৈছে সকলো বোৰ আখৰে আখৰে ৰূপায়ন কৰিবলৈ আহ্বান জনায়।আনহাতে জনজাতি কৰণ ব্যৱস্থাতো অতি খৰটকীয়া কৰিলে বেছিকৈ সুখী হম বুলি সংগঠনৰ কেডাৰসকলে জানিবলৈ দিয়ে।

Leave A Reply