Breaking

ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু সাধাৰণ সভা সম্পন্ন

0 69

ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত সাই বিৱাহ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ সাধাৰণ সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

প্ৰতিকূল বতৰকো নেওচি শ শ কৃতী ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷ পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ সভাপতি মনোজ কুমাৰ চাহে৷

ইয়াৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ মনোজ কুমাৰ চাহৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়ায় সন্থাৰ উপদেষ্টা অনুপ জয়ছোৱালে ৷ প্ৰতিনিধি সভা উদ্বোধন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙে ৷ প্ৰতিনিধি সভাত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ গামা পাছোৱান আৰু পল্টু সিং ৷ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৰাজগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী সদানন্দ জয়ছোৱাল আৰু মুক্তি কালোৱাৰে ৷

প্ৰতিনিধি সভাতে সন্থাৰ বৰ্তমানৰ সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ৷ গগন জয়ছোৱালক সভাপতি আৰু সুৰজ চাহক সম্পাদক হিচাপে লৈ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে এক শক্তিশালী নতুন সমিতি গঠন কৰা হয় ৷ ইয়াৰ পিছতেই মুকলি সভা আৰু বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

জাতীয় সংগীতেৰে মুকলি সভা শুভাৰম্ভ কৰা হয় ৷ মনোজ কুমাৰ চাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয় ৷

অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৌচুমী গগৈয়ে সাৰগৰ্ভ বক্তব্য আগবঢ়াই সকলোকে অনুপ্ৰেৰণা দিয়ে ৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা মনোজ সিঙেও ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷

কৃতী ছাত্ৰছাত্ৰীসকলেও অভিনন্দন গ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সঞ্জয় কালোৱাৰ, গামা পাছোৱান , পল্টু সিং , মুক্তি কালোৱাৰ , সদানন্দ জয়ছোৱাল আদিয়েও বক্তব্য আগবঢ়ায় ৷ অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে দিপালী গগৈ , বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷

সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সদানন্দ জয়ছোৱালে ৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সংগীত শিল্পী ৰমেন দানহে ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় মহিলা শিল্পী , যুৱতীসকলৰ উপৰি শিশু শিল্পীসকলে নৃত্য , গীত পৰিৱেশন কৰে ৷

প্ৰতিবেদকঃ মনোজ সিং , টিংখাং

Leave A Reply