Breaking

মহানগৰীৰ বেতকুছিস্থিত ASDM ৰ মুখ্য কাৰ্যালয়ত বিশেষ অনুষ্ঠান

0 19

এক শুভেচ্ছা অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷

ইতিমধ্যে মুঠ ১৬ গৰাকী শিক্ষাৰ্থীয়ে উত্তৰ-পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰত প্ৰশিক্ষণ লৈ বহিঃ ৰাষ্ট্ৰত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে৷

বাহৰেইন আৰু ডুবাইত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হোৱা এই প্ৰশিক্ষকসকলক বিশেষভাবে শুভেচ্ছা দিবলৈ উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷

উল্লেখ্য যে NORTH EAST SKILL CENTER ত প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীৰ ৯৫%ই ইতিমধ্যে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে৷

আজিৰ অনুষ্ঠানতেই পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ উপৰিও সকলোকে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি নিজেই নিজক প্ৰতিষ্ঠিত কৰাৰ ব্যবস্থা গ্ৰহন কৰিবলৈ আহ্বান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

Leave A Reply