Breaking

ডিব্ৰুগড়ত এন পি এছ কৰ্মচাৰী সন্থাৰ বিশেষ সভা : জানুৱাৰীত গুৱাহাটীত বিশেষ অভিবৰ্তনৰ আয়োজন

0 2,421

মদাৰখাত, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিৰে  এখন বিশেষ সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশ লোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। জিলা সমিতিৰ সম্পাদক মনোজ মহনে আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য অতিথিৰ ভাষণত ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় ‘ অসমৰ সকলো বিষয়া, শিক্ষক-কৰ্মচাৰীৰ ঐক্যৱদ্ধ প্ৰচেষ্টাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই কাৰ্যক্ষেত্ৰত আগবাঢ়ি আহিছে। চৰকাৰী ব্যৱস্থাৰ ক্ষেত্ৰত ইতিমধ্যে বহু লাঞ্চনাৰ বাবে কৰ্মচাৰীসকল ভুক্তভোগী। চৰকাৰী শিক্ষক-বিষয়া-কৰ্মচাৰীৰ যি সেৱা তাৰ সফলতাবোৰ আন্ধাৰত ৰাখি এন পি এছৰ আওতালৈ আনি কৰ্মচাৰীক প্ৰবঞ্চনা কৰিছে চৰকাৰে।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি অৱসৰকালীন সময়ৰ এক বিড়ম্বনাহে বুলি কয়। সেয়েহে এই ব্যৱস্থাৰ পৰিবৰ্তে পুৰণি পেঞ্চন নীতিৰ আধাৰত পেঞ্চন প্ৰদান কৰিবলৈ আহ্বান জনায়। চৰকাৰক বিভিন্ন ধৰণেৰে, মাধ্যমেৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ ভয়াবহতাৰ সন্দৰ্ভত  অৱগত কৰি ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ বাধ্য কৰাবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ মত প্ৰকাশ কৰে। ‘কৰ্মসংস্কৃতি বৰ্তাই ৰাখি দীঘলীয়া সংগ্ৰামৰে, ধৈৰ্য সহকাৰে আগুৱাই গৈ প্ৰাপ্য অধিকাৰ আঁজুৰি অনাত মানসিক প্ৰস্তুতি গঢ়ি তোলাত সকলো সাজু হওক।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি আৰু পুৰণি পেঞ্চন নীতিৰ বিস্তৃত বিশ্লেষণ কৰি সন্থাৰ কাৰ্যপন্থা আৰু ভৱিষ্যত কৰ্মসূচীৰ সন্দৰ্ভত বিতং ব্যাখ্যা কৰে। অহা জানুৱাৰীত গুৱাহাটীত গণ অভিবৰ্তন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি সফল কৰিবলৈ সকলো এন পি এছ কৰ্মচাৰীলৈ মুকলি আহ্বান জনায়। সংগ্ৰামখন তীব্ৰতৰ কৰাৰ পোষকতা কৰে। তেওঁ সাংগঠনিক দিশতো মন্তব্য আগবঢ়ায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰক আহ্বান জনোৱাৰ লগতে সন্থাৰ আন্দোলন পৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে অনাগত দিনত সবলভাৱে নিজৰ অধিকাৰৰ বাবে আগুৱাই আহি ন্যাৰ্য প্ৰাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ কথা কয়। লগতে কৰ্মচাৰীসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টি কটৰাত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ প্ৰতিনিধি জয়দ্বীপ মজুমদাৰ, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনৰ লগতে লাহোৱাল, চাবুৱা, টেঙাখাত, বৰবৰুৱা, নাহৰকটীয়া, মৰাণ আঞ্চলিক সমিতিৰ প্ৰতিনিধিবৰ্গৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই সভাত অংশ গ্ৰহণ কৰা সভাত শলাগৰ শৰাই আগবঢ়াই মৌচুমী দেউৰী ফুকনে।

Leave A Reply