Breaking

নাজিৰা মহকুমাৰ তিনি শিক্ষকক বিশেষ পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান

0 2,060

এইবছৰ শিৱসাগৰ জিলাৰ ২০২১বৰ্ষৰ কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত নাজিৰা মহকুমাৰ তিনিজন শিক্ষাগুৰুক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত নাজিৰা মহকুমাৰ সংশ্লিষ্ট বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।উল্ললেখ্য যে অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা প্ৰদান দুটা ভাগত ভাগ কৰা হয় ।নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দিশৰ ওপৰত ভিত্তি কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা ৰ পৰা আৰম্ভ কৰা হয়।সেই অনুসৰি জিলা শিক্ষক বঁটা ২টা ভাগত ভাগ কৰি প্ৰদান কৰা হয়।প্ৰথম জিলা কৃতী শিক্ষক বঁটা আৰু পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয় ৫চেপ্তেম্বৰত শিৱসাগৰ জিলাত অনুষ্ঠিত শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ।এই অনুষ্ঠান ত জিলাখনৰ ১৬গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ তিনিজন শিক্ষা গুৰুক এই পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ পাৰদৰ্শী শিক্ষক বঁটা লাভ কৰা শিক্ষা গুৰুসকল হৈছে মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়া,নাজিৰা বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী নিবেদিতা গগৈ আৰু বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নয়নমনি কলিতা।মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়াক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে মেজেঙাবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Leave A Reply