Breaking

নগাঁৱত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশেষ অনুষ্ঠান…

0 60

নগাঁও তথা সমগ্ৰ অসমতে শাস্ত্ৰীয় সংগীতৰ এটি উৎসাহজনক বাতাবৰণ সৃষ্টি কৰা আৰু উঠি অহা প্ৰজন্মক তাৰ প্ৰতি বিশেষভাৱে অনুৰাগী কৰাৰ উদ্দেশ্যে- কিছু শুভচিন্তক লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘শাস্ত্ৰীয় সঙ্গীত মঞ্চ, নগাঁৱৰ উদ্যোগত যোৱা ১২ মাৰ্চ তাৰিখে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতীয় মাৰ্গীয় সঙ্গীতৰ প্ৰাণপুৰুষ পণ্ডিত বিষ্ণুদিগম্বৰ পলুস্কৰৰ দেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটি ব্যতিক্ৰমী সঙ্গীতনুষ্ঠান সম্পন্ন হৈ যায়। অনুষ্ঠানত চিকিম বিশ্ববিদ্যালয়ৰ সঙ্গীত বিভাগৰ অধ্যাপক, সঙ্গীতজ্ঞ ড° সন্তোষ কুমাৰ আৰু তেওঁৰ শিষ্য গোপাল প‌উদেলৰ বাঁহীবাদন আৰু গুৱাহাটীৰ ঋষিকা ঘোষৰ কণ্ঠ-সঙ্গীতৰ লগতে মৈত্ৰেয়ী ডেকাৰ দীপমন্ত্ৰ, ইন্দ্ৰাণী বৰাৰ পৰিচালনাত মঙ্গলাচৰণ, বৰদোৱাৰ নৰোৱা সত্ৰৰ পৰাগজ্যোতি কলিতাৰ পৰিচালনাত শ্ৰীমন্তশঙ্কৰদেৱৰ বৰগীত আৰু সুৱাগমণি মহন্তৰ পৰিচালনাত ‘ছোটা খেয়াল’ ছাত্ৰ-ছাত্ৰী, সহশিল্পীসকলৰ দ্বাৰা দলীয়ৰূপত পৰিৱেশিত হয়।

বিশিষ্ট শিল্পী তবলাবাদক মুনীন গোস্বামী, বিশিষ্ট সাৰোদবাক তৰুণ চন্দ্ৰ কলিতা তথা প্ৰসূন ঘোষ,
নয়ন কমল শ‌ইকীয়া, কনক হীৰা, তপন দাস, স্নেহমীড়, কুমাৰ প্ৰমুখ্যে শিল্পীসকলেও সঙ্গত বাদ্যশিল্পীৰূপে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: মৃদুল হাজৰিকাৰ উদ্বোধনী ভাষণ আৰু বন্তি প্ৰজ্বলন, দিল্লী পাব্লিক স্কুল নগাঁৱৰ অধ্যক্ষা ঋতু ৰজনীশৰ শুভেচ্ছামূলক ভাষণেৰে বিপুল শ্ৰোতাৰ উপস্থিতিত সম্পন্ন। মনোজ্ঞ অনুষ্ঠানটিৰ আঁত ধৰে শিল্পী ৰঞ্জন বেজবৰুৱা আৰু ড: জয়শ্ৰী পাঠকে। ইয়াত বিশেষ উদ্যোগ গ্ৰহণ কৰে ড: ধনঞ্জয় কুশ্ৰে, ধনপত ঘোৰাৱত পৰাণ মহন্ত, জোন ৰাজখোৱা প্ৰভৃতি বিভিন্নজনে।

Leave A Reply