Breaking

বিলাসী পাৰা সাপটগ্ৰামত বিশেষ বৃত্তি মূলক পৰীক্ষা অনুষ্ঠিত…

0 15

সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই অনুষ্ঠিত কৰে এই বিশেষ পৰীক্ষা।আজি ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই এক বিশেষ বৃত্তি পৰীক্ষাৰ আয়োজন কৰে, যত প্ৰায় ৩০০ৰ অধিক ছাত্র-ছাত্ৰীয়ে অৱতীৰ্ণ হয় । উক্ত পৰীক্ষাখন অনুষ্ঠিত হয় Sun Shine English School গৃহত, এই বৃত্তি পৰীক্ষাৰ একমাত্ৰ লক্ষ্য হৈছে নামনি অসমত আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান আৰু কম্পিউটাৰ শিক্ষাৰ প্ৰতি ছাত্র-ছাত্ৰী সকলক ধাবিত কৰা ।

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে পাব কম্পিউটাৰ কোৰ্চত বিশেষ ৰেহাইৰ লগতে উচ্চ ফলপ্রাপ্তি শিক্ষাৰ্থীসকলে লাভ কৰিব এক বিশেষ বৃত্তি মূলক আর্থিক অনুদান ।ইয়াৰ উপৰিও এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব সাপটগ্ৰাম নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ চেন্টাৰত বিনামূলীয়া নাম ভৰ্তিৰ সুবিধা ।

তাৎপৰ্য পূৰ্ণ কথা এই যে আজিৰ এই পৰীক্ষাৰ প্ৰশ্নকাকত সম্পূৰ্ণ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে, ইয়াৰ বাবে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰী সকলে এটা ভাল অভিজ্ঞতা লাভ কৰাৰ উপৰিও এই পৰীক্ষাৰ পৰা ভালখিনি উপকৃত হব বুলি ছাত্ৰ ছাত্ৰী সকলৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে ।

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।

দুৰ্ঘটনাত পতিত হৈ শীৰ্খা বড়ো (৫৩) নামৰ এগৰাকী লোকৰ চিগি যায় দুয়োখন ভৰি।পথচাৰীজনক মহতিয়াই পিছত খুণ্ডা মাৰে এখন ই-ৰিক্সাক।স্থানীয় ৰাইজৰ সহযোগত শীৰ্খা বড়োক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ।ঘটনাস্থলীত তামুলপুৰ আৰক্ষী উপস্থিত হৈ দূৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল খন আৰক্ষী থানালৈ লৈ যায় ।

Leave A Reply