Breaking

বিশেষভাবে সন্মানিত কৰ্মোদ‍্যমী আংগনৱাড়ী কৰ্মী বীনা কালিন্দীৰ মনৰ কথা…

0 2,278

দেশৰ তথা ৰাজ‍্যৰ শিশু কল‍্যাণৰ বাবে প্ৰতিষ্ঠা হোৱা আংগনৱাড়ী কেন্দ্ৰ বুলি ক’লে যি এখন ছবি ভাঁহি আহে তাৰ ঠিক ওলোটা এখন ছবি দেখা পাব এই আংগনৱাড়ী কেন্দ্ৰটোত। কলিয়াবৰৰ এখন চাহ বাগিচাত থকা এই কেন্দ্ৰটোৱে আপোনাৰ মোৰ ধাৰণা সলনি কৰি দিব। বিশেষভাবে সন্মানিত হোৱা কৰ্মোদ‍্যমী নিষ্ঠাবান আংগনৱাড়ী কৰ্মী বীনা কালিন্দীয়ে কি দৰে নিজ কেন্দ্ৰটোক শ্ৰেষ্ঠ আংগনৱাড়ী কেন্দ্ৰ ৰূপে গঢ়ি তুলিছে তাৰেই আশাপ্ৰদ এক খবৰ দিবলৈ ওলাইছো।
বৰ্তমান আংশিক লকডাউনত স্তব্ধ জনজীৱন। কিন্তু এই আংশিক লকডাউনতো কলিয়াবৰ মহকুমাৰ চাহ জনজাতি অধ্যুষিত এলেকাৰ এগৰাকী অংগনবাড়ী কৰ্মীৰ নিষ্ঠাবান সেৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰ মহকুমাৰ শাকমুঠিয়া চাহ বাগিছাৰ অৰ্ন্তগত জামুনদাঙা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বীনা কালিন্দীয়ে ক’ৰণাসৃষ্ট এই সময়ছোৱাতো কেন্দ্ৰটোলৈ প্ৰত্যেক দিনাই আহি কেন্দ্ৰটো নিজ হাতে বাহিৰে-ভিতৰে অতি সুন্দৰকৈ  সজাঁই তুলিছে।উল্লেখযোগ্য যে ২০০৭ চনত  চাহ জনজাতি অধ্যুষিত এলেকাত স্থাপিত হোৱা কেন্দ্ৰটো অতি নিয়াৰিকৈ কৰ্মী বীনা কালিন্দীয়ে  চলাই নিয়াৰ বাবে ২০১৬ চনত কলিয়াবৰ মহকুমাৰ তদানীন্ত মহকুমাধিপতি মধুমিতা ভাগৱতীয়ে গণৰাজ্য দিৱসত কৰ্মী গৰাকীক শ্ৰেষ্ঠ অংগনবাড়ী কৰ্মীৰ বঁটাৰে সন্মান জনাই। তদুপৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থায়ো বীণা কালিন্দীক সু-সমাজ সেৱিকা হিচাপে ইতিমধ্যে সন্মান জনাইছে। ক’ৰনাৰ এই সময়চোৱাতো বীনা কালিন্দীয়ে নিজ ঘৰখনৰ দৰেই অংগনবাড়ী কেন্দ্ৰটো সজাঁই তুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।য’ত আছে শিশুসকলৰ বাবে এখনি সুদৃশ‍্য প্ৰাচীৰ পত্ৰিকা। সাহিত‍্য চৰ্চা কৰা বীনা কালিন্দীয়ে শিশুসকলৰ বাবে শিশু উপযোগী গল্প-কবিতাৰে শিশুসকলৰ মনত আমোদ দি মানসিকতা গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰটো চৌহদত গঢ়ি তুলিছিল এখনি ফুলৰ বাগিচা। চৌহদতে খেতি কৰা শাক-পাচলিৰে শিশুসকলৰ বাবে ৰান্ধিছিল খাদ‍্য। সেই সূত্ৰে বিভাগৰ পৰা লাভ কৰিছে এক দৃশ‍্য-শ্ৰব‍্য সঁজুলি – প্ৰজেক্টৰ। কিন্তু কেন্দ্ৰটোত কিছু চৰকাৰী জটিলতাৰ বাবে শাকমুঠি বাগিচা কৰ্তৃপক্ষই বিজুলী যোগান ধৰাৰ পৰা বিৰত থকাত নাতি দূৰত থকা নিজ গৃহৰ পৰাই বিজুলী সংযোগ কৰি শিশুসকলৰ শিক্ষাদান যোৱা সময়ত চলাই গৈছিল বুলি কথা প্ৰসঙ্গত উল্লেখ কৰে কালিন্দীয়ে।বৰ্তমান চৰকাৰী বিধি-নিষেধৰ বাবে কেন্দ্ৰটো বন্ধ থকাত এনেবোৰ কামত কিছু যটি নপৰা নহয়।কৰ্মী গৰাকীৰ এনে নিষ্ঠাবান সেৱাক শলাগ লৈছে সকলোৱে।

Leave A Reply