Breaking

অলিম্পিক উপভোগ কৰিবলৈ দর্শকক লাগিব নিগেটিভ ক’ভিড ৰিপ’ৰ্ট

0 2,040

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক উপভোগ কৰিবলৈ ক’ভিড–১৯ টেষ্টৰ নিগেটিভ ৰিপ’ট অথবা টিকাকৰণৰ ৰিপ’ট লগত লৈ যাব লাগিব ক্রীড়ানুৰাগীয়ে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱে অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়া অলিম্পিকত বিদেশী দর্শকৰ উপস্থিতি ইতিমধ্যে নিষিদ্ধ কৰা হৈছে যদিও স্থানীয় দর্শকসকলে ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট অথবা টিকাকৰণৰ ৰিপ’ট লগত থাকিলেহে ষ্টেডিয়ামত বহি খেল উপভোগ কৰিব পাৰিব৷ আয়োজক সমিতিয়ে এই সন্দর্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই যদিও টকিঅ’ৰ এখন আগশাৰীৰ সংবাদ পত্রই এই বাতৰি প্রকাশ কৰিছে৷উল্লেখ্য যে অলিম্পিকক লৈ অনিশ্চয়তা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জাপান চৰকাৰে টকি’কে ধৰি আন কেইবাটাও অঞ্চলত অহা ২০ জুনলৈ জৰুৰীকালীন অৱস্থা বৃদ্ধি কৰিছে৷ এনে পৰিস্থিতিত অলিম্পিক বাতিল কৰিবলৈ দেশখনৰ অধিকাংশ নাগৰিকে দাবী জনাই আছে যদিও কঠোৰ ক’ভিড নীতিৰ মাজেৰে সুকলমে মেগা ইভেণ্টখন আয়োজন কৰিবলৈ প্রস্তুতি চলাই আছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে৷

Leave A Reply