Breaking

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে খেলুৱৈলৈ কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা

0 617

ক্ৰীড়া পেঞ্চন আৰু এক কালীন সাহাৰ্যৰ লগতে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে অসমৰ প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় খেলুৱৈৰ তালিকা বিচাৰি জিলা ক্ৰীড়া বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। ক্ৰীড়া বিষয়া সকল তৎপৰ হৈ বিভিন্ন ইভেন্টৰ খেলুৱৈৰ তালিকা প্ৰস্তুত কৰাত লাগি পৰিছে। অৱশ্যে ইয়াৰ আগতেও দুবাৰ খেলুৱৈ সকলৰ দাতা চৰকাৰে গ্ৰহন কৰিছিল। সেইবিলাক দাতা সংগ্ৰহ কৰি কি কৰা হ’ল জানিব পৰা হোৱা নাই। এই বেলিও এই দাতা বিলাক সংগ্ৰহ কৰি কি কৰা হ’ব সেয়া এতিয়ালৈ ধূসৰ হৈ আছে। কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ভাবিয়েই খেলুৱৈ সকলে অতি আনন্দিত হৈ পৰিছে। বিশেষকৈ ল’ক ডাউনৰ সময়ত এনে আঁচনিয়ে নিশ্চিতভাৱে সূদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ আগতেওঁ বিভিন্ন ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰা হৈছিল যদিও আঁচনি খনত সকলো খেলুৱৈক সামৰি লোৱা হোৱা নাছিল। যাৰ বাবে খেলুৱৈ সকল বঞ্চিত হৈছিল। এইবাৰ প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈ সকলক সামৰি লোৱা বাবে অসমৰ বহুতো আৰ্থিক ভাৱে দুৰ্বল খেলুৱৈয়ে লাভাম্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। যদিহে চৰকাৰে আৰ্থিক সাহাৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সততে কোৱা হয় অসমৰ ক্ৰীড়াত অংশ গ্ৰহন কৰি লাভ নাই। খেল খেলি জীৱন-জীৱিকাৰ পথ পোৱা নাযায়, খেল এৰাৰ পিছত পানদোকান, চাহদোকান দিবলগীয়া হয়, দিন-হাজিৰা কৰিবলগীয়া হয়, মাংসৰ দোকান দিবলগা হয় ইত্যাদি অনেক কথাই বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে। এই সমূহ দেখি, কোন সচেতন অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক খেলপথাৰলৈ উলিয়াই দিব সেয়াহে বিচাৰ্ষৰ বিষয়। এটা সময়ত খেলপথাৰত দপদপাই থাকি সকলোৰে মৰম-আদৰ লাভ কৰা খেলুৱৈ সকলৰ পিছৰ অৱস্থা দেখিলে সঁচাই দুখ লাগে। উক্ত আঁচনিৰ জড়িয়তে কিবা অলপ সহায় হলেও খেলুৱৈ সকলে নিজৰ নিজৰ জীৱিকাৰ পথ বাছি লৈ সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। যি সকল ৰাজ্যিক, ৰাষ্ট্ৰীয় খেলুৱৈ বা ক্ৰীড়া সংগঠকৰ ইতিমধ্যে চাকৰিৰ বয়স পাৰ হৈ গৈছে সেইসকলক চৰকাৰে বিছাৰিলে নুন্যতম চলিব পৰাকৈ মাননী দি খেলপথাৰত তেওঁলোকৰ অভিজ্ঞতা সমূহ খেলুৱৈৰ মাজত বিলাই দিয়াৰ সুবিধা কৰি দিব পাৰে। তেতিয়া এই সকলে দুগুণ উৎসাহেৰে খেলপথাৰত নামি পৰিব বুলি আমাৰ দৃঢ় বিশ্বাস লগতে উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলে তেওঁলোকৰ পাৰদৰ্শীতা বৃদ্ধি কৰিব পাৰিব বুলি আমাৰ মনে ধৰে। যদি বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হয় তেতিয়াহ’লে নিশ্চিতভাৱে এওঁলোকৰো প্ৰয়োজন আহি পৰিব। কিয়নো অসমৰ বিদ্যালয় অনুপাতে যিসকল শাৰীৰিক নিৰ্দেশকে চাকৰি পাবলৈ সক্ষম হোৱা নাই সেইসকলক নিযুক্তি দিলেও শাৰীৰিক নিৰ্দেশকৰ অভাৱ দূৰ ন’হব। অসমক ক্ৰীড়াক ৰাজধানী কৰিব বিছৰা চৰকাৰখনে এনে ধৰণৰ উদ্যোগে গ্ৰহন কৰিলেহে সুফল পোৱা যাব বুলি সচেতন ক্ৰীড়া সমাজে মন্তব্য আগবঢ়াইছে। ইয়াৰ উপৰিওঁ অসমত নিয়মীয়া ক্ৰীড়া পেঞ্চন মাত্ৰ ৪০ গৰাকীকহে দিয়া হয়। যাৰ ফলত বহুতো বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সংগঠকে বছৰ বছৰ ধৰি ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হৈ আহিছে। কিছুমানে আকৌ ক্ৰীড়া পেঞ্চন বিচাৰি বিচাৰি নোপোৱাকৈয়ে ইহঁলীলা সম্বৰন কৰিছে। সাহিত্যিক বা শিল্পীক প ১০০ জনলৈ পেঞ্চন দিয়াৰ দৰে ক্ৰীড়া পেঞ্চনটোও ১০০ জনলৈ বৃদ্ধি কৰিবলৈ চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

Leave A Reply