ছবিগৃহত মুক্তি পাব ‘শ্ৰী ৰঘুপতি’! আজি ৯ বজাত PVR City Centre ছবিগৃহত উপস্থিত থাকিব অভিনেতা ৰবি শৰ্মা…
আইনী বাধা আঁতৰিল ‘শ্ৰী ৰঘুপতি’ৰ। আজি ছবিগৃহত মুক্তি পাব ছবিখনে। আইনী বাধা আঁতৰাৰ পিছতে ছবিখন ছবিগৃহত মুক্তিৰ আগমুহূৰ্তত অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত লিখা আছে ‘অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শত, অসম ৰাজ্যিক চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ ডাঙৰীয়াৰ অনুৰোধ মানি “শ্ৰী ৰঘুপতি”ৰ উভয় পক্ষৰ প্ৰযোজকে এক মীমাংসাত উপনীত হয়। ব্যক্তিগত মতভেদ এৰি অসমীয়া চিনেমাৰ বাবে অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ছবিখন আজিৰে পৰা অসমৰ ছবিগৃহত মুক্তি দিয়া হ’ব।এই সিদ্ধান্ত অসমীয়া চিনেমাৰ হকে।অসমীয়া চিনেমাৰ দৰ্শকৰ হকে।’

আনহাতে আজি ৯ বজাত শ্ৰী ৰঘুপতি চাবলৈ PVR City Centre ছবিগৃহত উপস্থিত থাকিব অভিনেতা ৰবি শৰ্মা আৰু শ্ৰী ৰঘুপতিৰ কলা-কৌশলী সকল।