Breaking

এডাল প্ৰকাণ্ড ঐশ্বৰিক শিলিখা গছ চাবলৈ ভক্তই ভিৰ কৰিছে শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰত…

0 40

এডাল প্ৰকাণ্ড ঐশ্বৰিক শিলিখা গছে আৱৰি ৰাখিছে মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰৰ মণিকূট। মৈৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰৰ মণিকূটৰ গাতে লাগি থকা এডাল শিলিখা গছ। শিলিখা গছডালৰ বয়স প্ৰায় দুশ বছৰ। গছ ডাল আজিৰ দিনত সকলো ভক্তপ্ৰাণ লোকৰ কৌতুহলৰ কাৰণ হৈ পৰিছে।

কিয়নো আজিৰ পৰা চাৰি বছৰ পূৰ্বে গছডাল মৃতপ্ৰায় অৱস্থাত আছিল। অঞ্চলটোৰ লোকে বহু চেষ্টা কৰিও গছডালক জীয়াই তুলিবলৈ সক্ষম হোৱা নাছিল। যদিও ভগৱানৰ ঐশ্বৰিক কৃপা আৰু একাংশ প্ৰকৃতিপ্ৰেমী লোকৰ প্ৰচেষ্টাত গছডালে পুনৰ প্ৰাণ পাই উঠিছে বুলি বিশ্বাস ৰাইজৰ। গছডাল চাবলৈ এতিয়া ভিৰ কৰিছে ভক্তগণে।

আনহাতে মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাতেকীবৰী সত্ৰত থকা অন্যান্য গছবোৰকো সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

Leave A Reply