Breaking

১৯ ছেপ্টেম্বৰত শ্ৰীশ্ৰীগনেশ চতুৰ্থী ! ৩০ ফুট উচ্চতাৰ মূৰ্তিৰে সাজু ভক্তগন…

0 85

কাইলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হব বিশ্বখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পুজা। উদ্যোগ, যান-বাহনৰ বিতৰকৰ পৰা সৰু-বৰ গেৰেজৰ কৰ্মকৰ্তা সকল ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰ জনাৰ পুজা অৰ্চনাৰ বাবে। আনহাতে বিশ্বকৰ্মাৰ পূজাৰ পিছদিনাই অৰ্থাৎ ১৯ ছেপ্টেম্বৰ উদযাপন কৰা হব শ্ৰীশ্ৰী গনেশ চতুৰ্থী। সমগ্ৰ দেশৰ লগতে বিঘ্নেশ্বৰ শ্ৰীশ্ৰী গনেশ চতুৰ্থীৰ বাবেও সাজু হৈ উঠিছে অসমৰ ভক্তগন।

গনেশ মন্দিৰ সমূহ সজাই তোলা হৈছে আটকধুনীয়া কৈ। গনেশগুৰিৰ গনেশ মন্দিৰ কৰ্তৃপক্ষই আলোককেৰে চকুত লগা কৰি তুলিছে মন্দিৰটো। আনহাতে এইবাৰ গনেশ চতুৰ্থীত চমক দিবলৈ সাজু হৈছে গুৱাহাটীৰ ফটাশিল আমবাৰীৰ পৌৰ নিগম কলনীৰ বাসিন্দা সকল। পাঞ্জাৱ, তেলেংগনাৰ লগতে বিহাৰৰ প্ৰায় ৪০০ টা বৰিয়াল বাস কৰা কলনিটোৰ এই সকল বাসিন্দাই নিৰ্মাণ কৰি উলিয়াইছে ৩০ ফুট উচ্চতাৰ গনেশৰ মূৰ্তি। কলকাতাৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা মৃন্ময় মূৰ্তিটোত ব্যয় হৈছে ২ লাখ টকা।

ইয়াতেই ক্ষান্ত নাথাকি কলনিটোৰ বাসিন্দা সকলে ভগৱান গনেশক দিবলৈ প্ৰস্তুত কৰিছে ২১ কিলোগ্ৰাম ওজনৰ এটা বৃহৎ লাড়ু। ভগৱান গনেশৰ অতি প্ৰিয় খাদ্যৰ তালিকাত লাড়ু সৰ্বপ্ৰথম বুলি জনবিশ্বাস চলি আহিছে। মুঠতে ৰাজ্যবাসীয়ে ভগৱান গনেশৰ পুজা অৰ্চনাৰ বাবে ন্যুনতম কৃপনালী কৰা নাই। উল্লেখযোগ্য যে বিশ্বকৰ্মা আৰু গনেশ চতুৰ্থীৰ পিছতেই ধৰালৈ নামি আহে শৰৎ। শৰৎ মানেই শাৰদীয় পুজাৰ আনন্দ উছাহ। ইয়াৰ পিছতেই ৰাজ্যবাসী সাজু হব শক্তিৰ আৰাধ্যা দেৱী দুৰ্গাক আদৰিবলৈ।

Leave A Reply