Breaking

ফুৰিবলৈ গৈ নিলম্বিত শ্রীলংকান ক্রিকেটাৰ

0 531

ডাৰহামৰ ৰাজপথত নিশা অনাই–বনাই ঘূৰি ফুৰি শ্রীলংকা ক্রিকেট দলৰ পৰা নিলম্বিত হ’ল তিনিগৰাকীকৈ ক্রিকেটাৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰে নিশা অন্তিম টি–২০ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিছতে দলৰ জৈৱ সুৰক্ষিত বলয় ভংগ কৰি ৰাজপথলৈ ওলাই যোৱা এই ক্রিকেটাৰকেইগৰাকী হ’ল কুশল মেণ্ডিছ, নিৰ’ছান ডিকৱেলা আৰু ডানুষ্কা গুণাথিলকা৷ শ্রীলংকা ক্রিকেট ব’র্ডে ক্রিকেটাৰকেইগৰাকীৰ এই আচৰণত ক্ষুব্ধ হৈ তেওঁলোকক ইংলেণ্ড ভ্রমণৰ পৰা নিলম্বিত কৰিছে আৰু তাৎক্ষণিকভাৱে দেশলৈ উভতি যোৱাৰ নির্দেশ দিছে৷ উল্লেখ্য যে শ্রীলংকা অন্তিম টি–২০ত ৮৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত মেণ্ডিছ, ডিকৱেলা আৰু গুণাথিলকাই ডাৰহামৰ ৰাজপথত অনাই–বনাই ঘূৰি ফুৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ইয়াৰ পিছতে শ্রীলংকা ক্রিকেট ব’র্ডে বিষয়টো অনুসন্ধান কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰে৷ নিলম্বিত তিনিওগৰাকী ক্রিকেটাৰ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম টি–২০ত খেলপথাৰত নামিছিল৷

Leave A Reply