Breaking

লালুক সোনাপুৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বঁটা বিতৰণী অনুষ্ঠান

0 1,599

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লখিমপুৰ জিলাৰ সাহিত্য শাখাৰ উদ্যোগত যোৱা ১৪ আগষ্টত অনুষ্ঠিত হোৱা প্ৰতিভা সন্ধানী পৰীক্ষাৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ বটাঁ বিতৰণী অনুষ্ঠানটি দেওবাৰে লালুকৰ সোনাপুৰ ঠেঙ্গাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰত সম্পন্ন হৈ যায়।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা সামুহিক চাফাই কাৰ্যসূচী আৰু ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।উক্ত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বয়োজেষ্ঠ ব্যক্তি কুশাই হাজৰিকা,সমাজ কৰ্মী খগেন শইকীয়া,ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য কেশৱ নেওঁগকে ধৰি ভালেমান গণ্য-মান্য ব্যক্তিয়ে ।দিনৰ ১১ বজাত বটা বিতৰণী অনুষ্ঠান শুভাৰম্ভ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লখিমপুৰ জিলাৰ আই-মাতৃসকলে।অনুষ্ঠানটিৰ আঁত ধৰে পৰীক্ষা পৰিচালনা সচিব শৰৎ ভূঞাই।প্ৰফুল্ল কোঁৱৰে উদ্ধোধনী ভাষণ ৰখা বটাঁ বিতৰণী সভাখনত লীলা আৰান্ধৰাই সভাপতিত্ব কৰে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলা কান্ত গগৈ দেৱ।ইয়াৰ উপৰিও শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত বঁটা বিতৰণী সভাত উপস্থিত থাকে চক্ৰধৰ সোনোৱাল,নিপেন শইকীয়া,ঘনকান্ত দত্ত,প্ৰতিভা সন্ধানী পৰীক্ষাৰ ১২টা কেন্দ্ৰৰ দায়িত্বত থকা নিৰীক্ষক সকল,কেন্দ্ৰ পৰিচালনা সকল,পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী,ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিভিন্ন আঞ্চলিকৰ সভাপতি-সম্পাদক,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অনুগামীসকল আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শুভাকাংশীসকল।বঁটা বিতৰণী সভাত উচ্চ শাখাৰ শ্ৰেষ্ঠ তিনিগৰাকী আৰু নিম্ন শাখাৰ শ্ৰেষ্ঠ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধনেৰে পুৰস্কাৰ প্ৰদান কৰাৰ লগতে দুয়োটা শাখাৰে প্ৰথম দহ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধণা জ্ঞাপন কৰা হয়।আজিৰ কাৰ্যসূচীত উপস্থিত থকাৰ লগতে বিভিন্ন দিশত সহায়-সহযোগিতা,পৰামৰ্শ প্ৰদান কৰি কাৰ্যসূচীভাগ সফল কৰি তোলাৰ বাবে সাহিত্য শাখাৰ উপসভাপতি তিলেশ্বৰ শইকীয়াই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply