Breaking

শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

0 1,136

মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। নামঘৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই যে এদিন অসমীয়া সংস্কৃতিয়ে জগত সভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব, সেয়া ধুৰুপ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে নামঘৰৰ সমীপতে মা কামাখ্যা দেৱীৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। অনুষ্ঠানত স্থানীয় বিধায়ক শ্ৰীমহেন্দ্ৰ থোৰাৱেৰ লগতে মুম্বাইৰ অসম এছ’চিয়েচন আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply