Breaking

দেৰগাঁৱত এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছনৰ বেল্ট প্ৰদান অনুষ্ঠান

0 2,033

দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এজন উদিয়মান যুৱকে গ্ৰামাঞ্চলত গঢ়ি তুলিছে ক্ৰীড়াৰ অনন্য পৰিৱেশ। বাঁহগুৰি গাঁৱৰ এই যুৱক জন হৈছে সৌৰভ পাছুং।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত স্নাতক চতুৰ্থ চেমিষ্টাৰত অধ্যয়নৰত এই জন উদ্যমী যুৱকে গাওঁ খনত গঢ়ি তুলিছে সমৰকলাৰ এক প্ৰশিক্ষন কেন্দ্ৰ ।অসম আৰক্ষীত কৰ্মৰত প্ৰশিক্ষক কালামন দলেৰ তত্বাবধানত শিক্ষা গ্ৰহণ কৰি ব্লেক বেল্ট ছেকেণ্ড ডান লাভ কৰা সৌৰভে গ্ৰামাঞ্চলৰ সমৰকলাৰ প্ৰতি আগ্ৰহী শিশুৰ পৰা যুৱক যুৱতী সকলক কেৰাটে আৰু কিক বক্সিঙৰ প্ৰশিক্ষন আগবঢ়াই আহিছে । অতি কম বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰকলা প্ৰদৰ্শনৰে সুনাম বুটলিবলৈ সক্ষম হোৱা এই সৌৰভে এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক বক্সিং এছচিয়েছনৰ বেনাৰত ২০১৮ বৰ্ষৰ পৰা একেলেথাৰিয়ে আগবঢ়াই আহিছে এই প্ৰশিক্ষন । ইতিমধ্যে সৌৰভৰ তত্বাবধানত প্ৰশিক্ষন লৈ অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে খোজ পেলাবলৈ সক্ষম হৈছে সমৰকলাৰ ক্ষেত্ৰ খনত ।এই উদ্দেশ্যেই ২৬ ছেপ্টেম্বৰত বাঁহগুৰিস্থিত এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছন কাৰ্যালয়ৰ চৌহদত দিগন্ত দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰশিক্ষাৰ্থী সকলৰ বেল্ট প্ৰদান অনুষ্ঠান।এছ আৰ ভি অল ষ্টাইল কাৰাটে কিক্ বক্সিং এছচিয়েছনৰ সভাপতি পৰমানন্দ পাছুং, সম্পাদক বুবুল পাছুংৰ লগতে টি এম পি কেৰ জ্যেষ্ঠ কৰ্মী দ্ৰোণ পেগু, জ্যেষ্ঠ নাগৰিক গোপীকান্ত পাছুং, সমাজসেৱীকা মিনু পাছুং আদি কেইবাগৰাকীও গন্য মান্য ব্যক্তি উপস্থিতিত সৌৰভে প্ৰশিক্ষণ আগবঢ়োৱা ২৮ গৰাকী প্ৰশিক্ষাৰ্থীক কালাৰ বেল্ট প্ৰদান কৰা হয় । নৈপৰীয়া পিছপৰা অঞ্চলটোত ক্ৰীড়াৰ এক অনন্য পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হোৱা সৌৰভ পাচুঙক লৈ গৌৰাম্বিত অঞ্চলবাসী।

Leave A Reply