Breaking

মুছলপুৰত এছ এছ বিৰ উদ্যোগত চিভিক একচন কাৰ্যসূচী

0 2,044

আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দাৰাগাৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ শীৰ্ষত অনুষ্ঠান। উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ঔষধ প্ৰদান কৰাৰ উপৰিও ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু চাবোনৰ সৈতে একোটিকৈ গছপুলি প্ৰদান কৰে এছ এছ বিয়ে । অনুষ্ঠানত উপস্থিত থাকি সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেণ্ট নন্দ কিশোৰ টমটায়ে সকলোকে ক’ভিডৰ বিৰুদ্ধে সজাগ হৈ ভেকচিন ল’বলৈ আহ্বান জনায় ৷ উক্ত কাৰ্যসূচীত ভূটানখুটি উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ অনুপ দাস, সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ ডেপুটী কামাণ্ডেণ্ট সন্দীপ পুনিয়াকে ধৰি অঞ্চলটোৰ কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply