Breaking

বসন্ত কালত ভাইৰাছজনিত ৰোগ প্ৰতিৰোধৰ বাবে কেঁচা হালধি খোৱাৰ আৰম্ভ কৰক…

0 3,045

প্ৰসাধন আৰু ৰান্ধনীশালৰ ব্যৱহাৰৰ বাহিৰেও হালধিৰ আন এটা পৰিচয় আছে, ইয়াৰ ঔষধি গুণৰ বাবে। স্বাস্থ্যৰ যত্ন ল’বলৈ হালধি অতি উপযোগী উপাদান। বিশেষকৈ বসন্ত কালত কেঁচা হালধি বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ কৰাত সহায় কৰে। পাচনতন্ত্ৰৰ সমস্যাত ভুগি থকা লোকৰ বাবে হালদি অতি উপকাৰী। কেঁচা হালধিয়ে হজম শক্তি বৃদ্ধি কৰি হজম শক্তিত সহায় কৰে। কেঁচা হালধিৰ প্ৰধান উপাদান হ’ল কাৰকুমিন, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰে। কেঁচা হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট হোৱাৰ বাবে খাদ্যনলীক বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেঁচা হালধিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইনচুলিন হৰম’নৰ ফলপ্ৰসূতা বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও হালধিৰ বেক্টেৰিয়া বিৰোধী গুণে দাঁতবোৰক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখে, যাৰ ফলত দাঁতবোৰ মজবুত হৈ পৰে।

কিন্তু বহুতে খালী পেটত কেঁচা হালধি খাবলৈ মন নকৰে। কেঁচা হালধি বিভিন্ন ধৰণে গ্ৰহণ কৰিব শৰীৰ সবল কৰি ৰাখিব পাৰি।

কেঁচা হালধি একাপ গাখীৰত মিহলাই ভালদৰে উতলাই লওক। তাত অলপ মৌ মিহলাই লওক, তাৰ পিছত খাওক।

হালধি আৰু আদা এটা পাত্ৰত পানীত পাঁচ মিনিট উতলাই লওক। মিশ্ৰণটো চেকি লৈ নেমুৰ ৰস আৰু মৌ দিব। এই পানীয় গৰমে সেৱন কৰিব লাগে।

এটা ডাঙৰ গিলাচত কেঁচা হালধি, নেমুৰ ৰস, চাট মছলা আৰু অলপ মৌ মিহলাই লওক। গৰমৰ দিনত বৰফৰ সৈতে এই ঠাণ্ডা স্বাস্থ্যকৰ পানীয় উপভোগ কৰক।

গৰম পানী একাপত অলপ হালধি আৰু গ্ৰীণ টিৰ সৈতে দুমিনিটমান ৰাখিব। ইয়াৰ পিছত চেকি লওক আৰু গৰমে গৰমে খাওক।

এটা কল, কেঁচা হলধি, দৈ, দালচেনিৰ গুৰি আৰু অলপ মৌ মিহলাই এটা ব্লেণ্ডাৰত মিহলাই স্মুদি বনাব। বৰফৰ সৈতে এই পানীয় পৰিৱেশন কৰক।

Leave A Reply