Breaking

খালী পেটতে এই ৫ টা ফল খাবলৈ আৰম্ভ কৰক, চৰ্দি আৰু কাহৰ পৰা সকাহ পাব…

0 78

সুস্থ হৈ থাকিবলৈ আৰু ৰোগৰ পৰা আঁতৰি থাকিবলৈ ফল-মূল খোৱাটো অতি স্বাস্থ্যকৰ। আমি যিকোনো সময়তে ফল-মূল খাব পাৰো, কিন্তু আপুনি জানেনে যে এনেকুৱা এটা সময় আছে যেতিয়া ফল-মূল খোৱাটো অধিক উপকাৰী। ডায়েবেটিছ, ৰক্তচাপ, মেদবহুলতা আদি ৰোগে প্ৰায় সকলোকে অশান্তি দিছে। এই ৰোগবোৰৰ পৰা সকাহ পাবলৈ হ’লে খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগিব। আজি আমি আপোনালোকক ক’ম কিছুমান ফলৰ বিষয়ে যিবোৰ আপুনি ৰাতিপুৱা খাব পাৰে আৰু ওজন কমাবলৈ। জানো আহক এই বিষয়ে…

তৰমুজত ভিটামিন এ,বি৬,চি,পটাছিয়াম,মেগনেছিয়াম,থাইয়ামিন,ফছফৰাছ,কেলচিয়াম,লাইকোপেনকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। খালী পেটত তৰমুজ খাব পাৰে।

অমিতাত কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন, ভিটামিন চি, ভিটামিন এ, ভিটামিন বি ৯, পটাছিয়াম আৰু মেগনেছিয়ামকে ধৰি বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। অমিতা খালে পাচনতন্ত্ৰ ঠিকেই থাকে।

আপেল খাবলৈ সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। আপেল কালে পাচনতন্ত্ৰ ঠিকেই থাকে আৰু আপুনি বেছি ভোক অনুভৱ নকৰে, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিব নোৱাৰে।

খালী পেটত কল খোৱাতকৈ উত্তম বিকল্প থাকিব নোৱাৰে। কল খালে শৰীৰত তৎক্ষণাত শক্তি লাভ কৰে। কাৰ্বহাইড্ৰেটৰ লগতে ইয়াত প্ৰাকৃতিক চেনি আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতিদিনে পুৱা কল খালে ওজন নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।

কিউইত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন ই, ভিটামিন কে আৰু পটাছিয়াম আৰু ফলেটকে ধৰি বহুতো প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট থাকে। খালী পেটত কিউই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে ওজন কমাতো সহায় কৰে।

Leave A Reply