Breaking

সম্ভুনাথ গোহাঁই সোঁৱৰণী চলন্ত ফুটবল প্ৰতিযোগিতাৰ আৰম্ভনি

0 1,046

নগাঁও,২৮ নবেম্বৰ : প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰয়াত পিতৃ সম্ভুনাথ গোহাঁইৰ সোঁৱৰণত কঠিয়াতলীৰ শগুনবাহী খেলপথাৰত কালিৰ পৰা আৰম্ভ হৈছে এখনি চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।কভিড মহামাৰীৰ সন্ত্ৰাসৰ পিছত প্ৰায় ৯ মাহৰ বিৰতিৰ পাছত কঠিয়াতলীত অঞ্চলত অনুষ্ঠিত হল ফুটবল প্ৰতিযোগিতা। কঠিয়াতলী শগুনবাহী আঞ্চলিক ক্ৰীড়া সন্হাৰ সৌজন্যত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা খনিৰ উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । খেলৰ পূৰ্বেই ৰাজেন গোহাঁই প্ৰমুখ্যে উপস্থিত সকলোৱে সদ্যপ্ৰয়াত কিংবদন্তী ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ সদগতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই । কালি প্ৰতিযোগিতা খনিৰ প্ৰথমখন খেল  জিয়াজুৰি  আৰু শগুনবাহী  দলৰ মাজত অনুষ্ঠিত হয়।  খেলৰ আৰম্ভনিতে ফুটবলত কিক মাৰি উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । নিদিষ্ট সময়ত খেলখনৰ সিদ্ধান্ত নোলোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে শগুনবাহী দল জয়ী হয় । ১৬ টা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিৰ প্ৰথম পুৰস্কাৰ ত্ৰিশ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ  বিশ হাজাৰ টকা । কালি প্ৰতিযোগিতা খনিৰ উদ্ধোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে নগাঁও ক্ৰীড়া সংস্হাৰ সম্পাদক প্লাবন বৰা , ক্ৰীড়াবিদ তপন দাস , সমাজকৰ্মী ৰীতা বৰগোহাঁই, নিৰুপমা বৰগোহাঁই, অঞ্জনা বৰগোহাঁই, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য  তথা চলন্ত প্ৰতিযোগিতা খনিৰ দাতা নৱাৰুন বৰগোহাঁই, চন্দন বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলক উপস্থিত থাকে । উল্লেখযোগ্য যে ,বহু দিনীয়া বিৰতিৰ অন্ততঃ খেল উপভোগ কৰিবলৈ পায় দৰ্শকে ভিৰ কৰা দেখা যায় শগুনবাহী খেল পথাৰত।

Leave A Reply