Breaking

মানিকপুৰত ভাৰতীয় ষ্টেট বেংকৰ শাখা মুকলি

0 69

বঙাইগাঁও জিলাৰ মানিকপুৰ মহকুমাত দীৰ্ঘদিন ধৰি SBI ৰ শাখা স্হাপন কৰাৰ দাবীৰ প্ৰতি সহাৰি জনাই বিভাগীয় কতৃপক্ষই শাখা মুকলি কৰাত স্হানীয় ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে ।বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে SBI ৰ শাখাৰ দ্বাৰ মুকলি কৰে আৰু বন্তি প্ৰজলন কৰে গুৱাহাটী ৰিজোনাল মেনেজাৰ সুবাকান্দা খানাংকাই ।

আনহাতে উদ্বোধনী ভাষণত বঙাইগাঁও ৰিজোনাল মেনেজাৰ গুৰুপদ হালদাৰে চাইবাৰ ক্ৰাইম চক্ৰটোৰ পৰা আতৰি থকাৰ আহ্বান জনায়। মাণিকপুৰ ৰাজহ চক্ৰৰ ৮৩ খন গাৱৰ লগতে বৰপেটা আৰু চিৰাং জিলাৰ বহুলোকে SBI ৰ সুবিধা লাভ কৰিব। অত্যাধুনিক সেৱাৰ সকলো সা -সুবিধা মানিকপুৰ বেংকত পাব। বেংকত প্ৰথম একাউন্ট খোলা, ফিক্স ডেপজিট কৰা লোকক সম্ভধনা জনায়।জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে ৮৩ খন গাৱৰ ৮৭ হাজাৰ লোকৰ মাজত SBI ৰ শাখা স্হাপন কৰাত ধন্যবাদ জনায় ।

Leave A Reply