Breaking

নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ,প্ৰদেশ কংগ্ৰেছৰ ডিজিটেল নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

0 2,026

উখল–মাখল ৰাজীৱ ভৱন৷বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা মাহ বাকী থকাৰ সময়ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰি দিলে ডিজিটেল নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷ গৌৰৱ গগৈয়ে ক’লে – ৰাইজে বিচৰা মতে কংগ্ৰেছে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু তাক চৰকাৰ গঠনৰ পাছত ৰূপায়ণ কৰিব৷বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা মাহ বাকী থকাৰ সময়ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰি দিলে ডিজিটেল নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷

গৌৰৱ গগৈয়ে ক’লে – ৰাইজে বিচৰা মতে কংগ্ৰেছে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু তাক চৰকাৰ গঠনৰ পাছত ৰূপায়ণ কৰিব৷ সেয়ে ৰাজীৱ ভৱনলৈ তাত-বাতি কাঢ়িবলৈ আৰম্ভ কৰিছে টিকট প্ৰত্যাশীয়ে৷ ইপিনে ইস্তাহাৰ প্ৰস্তুতত ব্যস্ত ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈ৷ মঙলবাৰে গৌৰৱ গগৈয়ে ইস্তাহাৰ কমিটীৰ অধ্যক্ষ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে প্ৰথমখন সংবাদমেল আয়োজন কৰে৷ এই সংবাদমেলত মুকলি কৰে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক ৱেবছাইটৰ৷ ডিজিটেল প্ৰচাৰৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছে বিচাৰিছে ৰাইজৰ পৰা পৰামৰ্শ৷

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷ সেই হিচাপত উত্তম ভিডিঅ’ প্ৰেৰণ কৰা ব্যক্তিলৈ আগবঢ়াব আইফোন পৰ্যন্ত পুৰস্কাৰ৷

Leave A Reply