Breaking

বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ শোক প্ৰকাশ

0 2,087

গোঁসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়- “মহামাৰী কোভিড-১৯ৰ লগত যুঁজি যুঁজি অৱশেষত জীৱন যুদ্ধত হাৰ মনা বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীদেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰি তুলিছে। নাৰ্জাৰীদেৱৰ মৃত্যুত বিপিএফ দলৰ লগতে আমি বিৰোধী মহাজোঁটে এগৰাকী শক্তিশালী আৰু নিষ্ঠাৱান সৈনিকক চিৰদিনলৈ হেৰুৱালো। গোঁসাইগাঁও সমষ্টিবাসীৰ লগতে অসমবাসীয়ে হেৰুৱালে এগৰাকী বলিষ্ঠ নেতাক। নাৰ্জাৰীদেৱৰ অকাল বিয়োগ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে অসমৰ সমাজ জীৱনৰ বাবেও এক বৃহৎ ক্ষতি।” প্ৰয়াত বিধায়ক গৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও নাৰ্জাৰীদেৱৰ মৃত্যুত ৰাজ্যবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনৈতিক নেতাক চিৰদিনলৈ হেৰুৱালে বুলি উল্লেখ কৰে। লগতে বিধায়কগৰাকীৰ অকাল মৃত্যু বিপিএফ দলৰ লগতে মহাজোঁটৰ বাবে অপূৰণীয় ক্ষতি বুলি কয় আৰু তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।

Leave A Reply