Breaking

ঘোষণা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

0 360

অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান আয়োজন কৰি আহিছে। বিগত দুটা বছৰত কভিডৰ বাবে এই মহোৎসৱ আয়োজন কৰাত বিঘ্নিত হয়।

এইবছৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগত অহা ১৩ মাৰ্চত ২০২৩ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ সংগতি ৰাখি আজি গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।

উক্ত অনুষ্ঠানত ২০১৮ আৰু ২০১৯ দুয়োটা বছৰৰ বাবেও পৃথককৈ বঁটা প্ৰদান কৰা হ’ব । ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত আৰু ২০১৯ চনৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নির্মিত অসমীয়া কথাছবি, তথ্য চিত্ৰ আৰু চুটি ছবিব বাবে মুঠ ৪০ টা শিতানত বঁটা বিজয়ী শিল্পী, কলাকুশলী সকলৰ লগতে পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ২০১৮ চনৰ বাবে মুঠ ১২ খন চলচ্চিত্র,৮খন চুটি ছবি, ৫খন তথ্যচিত্র তথা ২০১৯ চনৰ বাবে মুঠ ১৮ খন চলচ্চিত্র, ৩ খন চুটি ছবি আৰু ৩ খন তথ্যচিত্ৰৰ বাবে আৱেদন লাভ কৰা হৈছিল। আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটাৰ বাবে ২০১৮ চনত ৭ গৰাকী (প্ৰৱন্ধৰ বাবে) আৰু ২০১৯ চনত ৩ গৰাকী (গ্রন্থৰ বাবে) তথা ৫ গৰাকীয়ে (প্রবন্ধব বাবে) আৱেদন দাখিল কৰিছিল। ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰত্যেক গৰাকী সন্মানীয় শিল্পী-কলাকুশলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতৰ দিনটো অসমীয়া চলচ্চিত্ৰ জগতৰ উত্তৰণৰ ক্ষেত্ৰত সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই ।

১৯৩৫ চনৰ ১০ মার্চ অর্থাৎ আজিৰ এই দিনটোত কলিকতাৰ ৰৌণক থিয়েটাৰত মুক্তি দিয়া প্ৰথম অসমীয়া চিনেমা জয়মতীৰ ৮৫ বছৰীয়া ইতিহাস তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাক সোঁৱৰে।

উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষি দাস নাথ,অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সঞ্চালিকা মণিদীপা বৰকটকীৰ লগতে উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

আজি ঘোষিত চলচিত্ৰ বঁটা সমূহ এনেধৰণৰ-

২০‍১৮ বৰ্ষৰ চলচিত্ৰ বঁটা সমূহ

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা ‘বুলবুল কেন ছিং’

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা– ৰীমা দাস

শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা–খঞ্জন কিশোৰ নাথ

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা– মঞ্জুল বৰুৱা‍

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা– অৰূপ মান্না

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা–হিউৱেন বৰুৱা

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা– অনুৰাগ শইকীয়া

শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা– উৎকল হাজোৱাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা–অমৃতা গগৈ,জাহানাৰা বেগম

শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা—মনোৰঞ্জন দাস

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা— আৰ্ণালী দাস

শ্ৰেষ্ঠ ছবি সমালোচকৰ মুনিন বৰুৱা বঁটা

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা– ৰক্তবীজ

শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা— বাহাৰুল ইছলাম

শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ মোৱাজ্জিন আলী বঁটা— ফিউলা বৰগয়াৰী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা– ইবচনলাল বৰুৱা

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা— নাহিদ আফ্ৰিন

শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা– বিতোপন নেওগ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা— আমৃত্যু

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা– দীপক দে’

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা– অমৃত প্ৰীতম,দেৱজিৎ চাংমাই

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা– বিকুল বড়ো

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা— হৰ্ষিতা বৰুৱা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা — জিৰিণা বসুমতাৰী

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা— সঞ্জয় খাৰঘৰীয়া

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা— পুনম গুৰুং

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা– ওম কাশ্যপ,গুঞ্জন শইকীয়া

২০‍১৯ বৰ্ষৰ বঁটা সমূহ

শ্ৰেষ্ঠ ছবিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা ‘জোনাকী পৰুৱা’

শ্ৰেষ্ঠ পৰিচালকৰ ব্ৰজেন বৰুৱা বঁটা– ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ আব্দুল মজিদ বঁটা–অনুপম কৌশিক বৰুৱা

শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা– ভাস্কৰ হাজৰিকা

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ নলীন দুৱৰা বঁটা– প্ৰদীপ দৈমাৰী

শ্ৰেষ্ঠ সম্পাদনাৰ ভৱেন দাস বঁটা–প্ৰতীম খাউণ্ড

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা– তৰালি শৰ্মা, কুইন বে’

শ্ৰেষ্ঠ অভিনেতাৰ নটসূৰ্য ফণী শৰ্মা বঁটা– বেঞ্জামিন দৈমাৰী

শ্ৰেষ্ঠ অভিনেত্ৰীৰ আইদেউ সন্দিকৈ বঁটা–লীমা দাস

শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বিজু ফুকন বঁটা—জিতুমণি কলিতা

শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বিদ্যুৎ চক্ৰৱৰ্তী বঁটা—ড’ৰথী ভৰদ্বাজ

শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বিজয় শংকৰ বঁটা– ৰত্নাকৰ

শ্ৰেষ্ঠ খলনায়কৰ তচদ্দুক ইউছুফ বঁটা— পদ্মৰাগ গোস্বামী

শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ ৰুদ্ৰ বৰুৱা বঁটা– জুবিন গাৰ্গ

শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা—অনন্যা দত্ত

শ্ৰেষ্ঠ গীতিকাৰৰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা– ৰাজদ্বীপ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জুৰিৰ বিশেষ বঁটা—চন্দ্ৰ মুদৈ,ৰজনী বসুমতাৰী

শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ গজেন বৰুৱা বঁটা– দীপক দে’

শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ পীযুষকান্তি ৰয় বঁটা– গৌতম নায়াৰ,দেৱজিৎ গায়ন,অজয় কেভি পিভি

শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ যুগল দাস বঁটা– জ্যোতিশংকৰ ভট্টাচাৰ্য,নৱনীতা শৰ্মা বৰা

শ্ৰেষ্ঠ ৰূপ-সজ্জাৰ বংশী দাস বঁটা— বিশ্বজিৎ কলিতা

শ্ৰেষ্ঠ সাজ-সজ্জাৰ প্ৰদীপ দাস বঁটা — প্ৰকাশ ডেকা

শ্ৰেষ্ঠ সহ-অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা—অমৃত কুমাৰ বৰা

শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ইভা আচাও বঁটা—প্ৰতিভা চৌধুৰী

শ্ৰেষ্ঠ শিশু-শিল্পীৰ মাষ্টাৰ সিদ্ধাৰ্থ বঁটা– আশ্ৰমিকা শইকীয়া

Leave A Reply