Breaking

মাজুলীৰ ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ

0 2,020

ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে অসম চৰকাৰে নতুন ভূমিনীতিৰ জৰিয়তে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে মাজুলী জিলাতো ভূমিপট্টা আৰু ভূমি আৱণ্টন পত্ৰ প্ৰদানৰ ব্যৱস্থা খৰতকীয়া কৰা হৈছে। জিলাখনৰ ভূমিহীন পৰিয়ালসমূহক তেওঁলোকে বছৰ বছৰ ধৰি ঘৰ-বাৰী সাজি, খেতি-বাতি কৰি ভোগ-দখল কৰি অহা মাটিৰ আৱণ্টন প্ৰদানৰ বাবে মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ দশক দশক ধৰি অসুবিধাৰ সন্মুখীন হৈ অহা পৰিয়ালসমূহক উপকৃত কৰাকৈ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত জিলা প্ৰশাসনে বিগত তিনিটা বৰ্ষত মাজুলীত এনে ভূমিহীন পৰিয়ালৰ মাজত ভূমিপট্টা তথা আৱণ্টন পত্ৰ বিতৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজহ বিভাগে ইতিমধ্যে ২০১৮-১৯ বৰ্ষৰ পৰা এইপৰ্যন্ত তিনি বছৰতে জিলাখনৰ মুঠ ৮১২৪ টা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১,৫২৭ টা পৰিয়ালক ভূমি পট্টা আৰু ৬,৫৯৭ টা পৰিয়ালক ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা হৈছে। জিলাখনৰ ৰাজহ বিভাগে ২০১৮-১৯ বৰ্ষত ১,৩২৭ টা ভূমিহীন পৰিয়ালক মুঠ ৯৮৬ বিঘা দুকঠা ১১ লেচা ভূমিৰ আৱণ্টন পত্ৰ বিতৰণ কৰাৰ পাছত অসম চৰকাৰৰ নতুন ভূমিনীতিৰ আধাৰত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত মুঠ ৫,২৭০ টা ভূমিহীন পৰিয়ালক সৰ্বমুঠ ৫,৬৩৪ বিঘা ৩ কঠা ৮ লেচা মাটিৰ আৱণ্টন পত্ৰ আৰু  ১,৫২৭ টা পৰিয়ালক ৩,৬৫২ বিঘা ১৯ লেচা মাটিৰ পট্টা প্ৰদান কৰিছে। ইয়াৰে ১,৬৯২টা ভূমিহীন পৰিয়ালক ২০১৯-২০ বৰ্ষত আৰু ৩,৫৭৮ টা ভূমিহীন পৰিয়ালক চলিত ২০২০-২১ বৰ্ষত এতিয়ালৈকে ভূমি আৱণ্টন পত্ৰ বিতৰণ কৰি জিলাখনৰ ৰাজহ বিভাগে মাজুলী জিলাক অসম চৰকাৰৰ নতুন ভূমি-নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানত ৰাজ্যৰ অন্যতম সফল জিলা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তদুপৰি, অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে জিলাখনৰ আন ৭,০০০টা ভূমিহীন পৰিয়ালৰ মাজতো ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰিবলৈ ইতিমধ্যে মাজুলী আৰু উজনি মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। এই পৰিসংখ্যাৰ সৈতে ২০১৮-১৯ বৰ্ষত মাজুলী ৰাজহ চক্ৰই ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা ১,৩২৭টা পৰিয়ালকো ধৰিলে বিগত তিনিটা বৰ্ষত নদীদ্বীপ জিলাখনত ভূমিৰ অধিকাৰ লাভ কৰা মুঠ পৰিয়ালৰ সংখ্যা ১৫,১২৪টা হ’ব ৷ দশক দশক ধৰি  নিজৰ ভোগ-দখলত থকা ভূমিৰ কোনো চৰকাৰী নথি লাভ নকৰাৰ বাবে নদীদ্বীপটোৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগা হোৱাৰ দিশটো অনুধাৱন কৰি মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীবাসীৰ এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ২০১৭ বৰ্ষতে জিলা প্ৰশাসনৰ লগতে ৰাজহ বিভাগক নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰী গৰাকীৰ এনে উদ্যোগৰ বাবেই ২০১৮-১৯ বৰ্ষৰ পৰা মাজুলীত ভূমিহীন পৰিয়ালসমূহে ক্ষিপ্ৰতাৰে ভূমিৰ অধিকাৰ লাভ কৰাৰ পথ প্ৰশস্ত হয়। আনহাতে, আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিকে ধৰি মাজুলীৰ ইতিপূৰ্বে ভূমি জৰীপ নোহোৱাকৈ থকা এলেকাসমূহতকেইবা দশকৰ মূৰত শেহতীয়াকৈ ভূমি জৰীপৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ আগ্ৰহতে ২০১৯ চনৰ মাজভাগৰ পৰা ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে মাজুলী জিলা প্ৰশাসনৰ সহযোগত এই ভূমি জৰীপৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনৰ সহযোগত অসম চৰকাৰৰ ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ে জিলাখনৰ ২৩খন ন’ন-কেডেষ্ট্ৰেল (এনচি) গাঁৱৰ ২১খনতে ভূমি-জৰীপৰ মূল পক্ৰিয়া বহিঃ জৰীপ (এক্সটাৰ্নেল ছাৰ্ভে) সম্পূৰ্ণ কৰি বৰ্তমান চূড়ান্ত পৰ্যায়ৰ আন্তঃ জৰীপ (ইণ্টাৰ্নেল ছাৰ্ভে) কাৰ্য অব্যাহত ৰাখিছে। ইতিমধ্যে ইয়াৰে ছখন গাঁও (ভকতচাপৰি, কুলামুৱা, বেদাং চাপৰি, পুনিয়া, ধনাই চাপৰি আৰু বনৰীয়া চাপৰি)ত এই আন্তঃ জৰীপকাৰ্য সম্পূৰ্ণ কৰিছে গুৱাহাটীৰ পৰা আহি মাজুলীত বাহৰ পাতি থকা ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ জৰীপকাৰ্য চলাইছে ৷ এই ভূমি জৰীপৰ পাছতে মাজুলীৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিসহ ন’ন-কেডেষ্ট্ৰেল গাঁওসমূহ চৰকাৰী ভাৱে ৰাজহ গাঁও হিচাপে স্বীকৃত হোৱাৰ লগতে এই এলেকাসমূহত বাস কৰা জনসাধাৰণকো নিজৰ ভোগ-দখলত থকা ভূমিৰ অধিকাৰ প্ৰদানৰ পথো প্ৰশস্ত হৈ উঠিব ৷

Leave A Reply