Breaking

ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এক বৃহৎ ক্ষতি

0 162

ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এগৰাকী পুৰোধা ব্যক্তিৰ দেহাৱসান । সাহিত্যিক তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক দ্বিজেন নাথ আৰু নাই । শুকুৰবাৰে নিশা ৮ঃ০৫ বজাত ৮১ বছৰ বয়সত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে মহীৰূহগৰাকীৰ । সাহিত্যিক গৰাকী কিছুদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ আছিল ।

তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত শনিবাৰে বহু গুণমুগ্ধই তেখেতৰ বাসভৱনত গৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে বাসগৃহ চৌহদতে সাহিত্যিক গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত তেখেতৰ নশ্বৰ দেহ পূৰ্বতে তেওঁ শিক্ষকতা কৰা নৰ্থ বইটামাৰী হাইস্কুললৈ নিয়ে । তাত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পিছত ডেকলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতি, বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা, ডেকলিমাৰী ৰূপজ্যোতি সংঘ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে । দুপৰীয়া স্থানীয় শ্মশানত বৰেণ্য সাহিত্যিক গৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় । সাহিত্যিক গৰাকীৰ মৃত্যুত জিলাখনত শোঁকৰ ছা পৰিছে । সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

নাথৰ মৃত্যুৰ লগে লগে সমাপ্তি ঘটিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ । ১৯৪০ চনৰ ৬ এপ্ৰিলত নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত জন্মগ্ৰহন কৰা নাথে আনুষ্ঠানিক শিক্ষাগ্ৰহন সমাপ্ত কৰি নৰ্থ বইটামাৰী হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । পিছত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ১৯৯৯ চনৰ ২৮  ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহন কৰে । শিক্ষকতা কৰাৰ সমান্তৰালকৈ তেওঁ সাহিত্য-সংস্কৃতি সাধনাত নিমগ্ন হয় । ১৯৭১ চনত ‘গোৱালপাৰাৰ ডায়েৰী’ নামেৰে অৱিভক্ত গোৱালপাৰা জিলাৰ সামাজিক-সাংস্কৃতিক ইতিহাস সম্বলিত তেওঁৰ ৰচিত এখন গ্ৰন্থ প্ৰকাশ হয় । গোৱালপৰীয়া ভাষা-সংস্কৃতিৰ ওপৰত তেওঁ ৰচিত আন মূল্যবান গ্ৰন্থসমূহ হ’ল- ‘গোৱালপৰীয়া লোকগীত’, ‘গোৱালপৰীয়া লোক-সাহিত্যত দৃষ্টিপাত’, ‘গোৱালপৰীয়া লোক-সংস্কৃতি’ , ‘গোৱালপৰীয়া লোককথাৰ সুগন্ধি সৌৰভ’, ‘গোৱালপৰীয়া লোককথাৰ মৌকোঁহ’ আৰু ‘ গোৱালপৰীয়া ভাৱাইয়া গীতত দৃষ্টিপাত’ । গৱেষণাধৰ্মী প্ৰতিখন গ্ৰন্থই গোৱালপৰীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰসাৰত অনবদ্য অৰিহনা যোগাইছে । ইয়াৰ উপৰি ‘ জীৱন বীণাৰ সুৰ’ নামৰ গীতি-কবিতা পুথি ৰ লগতে ‘তুমি আৰু মই ‘ আৰু ‘ দৃষ্টিৰ আঁৰে আঁৰে’ দুখন উপন্যাসৰ স্ৰষ্টা দ্বিজেন নাথ । ‘কাঁচি জোন’ নামৰ গল্প সংকলন এখনো ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে । গ্ৰন্থ সমূহৰ উপৰি আন বহু লিখনি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে ।

তেওঁ এনেদৰে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই গ’ল অনবদ্য বৰঙণি। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওত: প্ৰোতভাৱে জড়িত আছিল নাথ । অসম সাহিত্য সভাৰ লগতো ওত:প্ৰোতভাৱে জড়িত নাথে ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বও পালন কৰিছিল ।  তেওঁৰ মৃত্যুৰ লগে লগে অভিভাৱকহীন হ’ল নৰ্থ বইটামাৰী অঞ্চল । অঞ্চলবাসীৰ এটাই আক্ষেপ- সাহিত্যিক গৰাকীক চৰকাৰে কেৱল সাহিত্যিক পেঞ্চন দিয়েই দায়িত্ব সামৰিলে । বহু ক্ষেত্ৰত উপেক্ষিত-অৱহেলিত হৈয়ো স্ব-গৰিমাৰে উজলি কীৰ্তিময় জীৱন পৰিক্ৰমা সামৰি তেওঁ গুচি গ’লগৈ অজান দেশলৈ । মৃত্যুৰ সময়ত তেওঁ পত্নী-পুত্ৰ-বোৱাৰী-নাতি-নাতিনী আদি আত্মীয়-স্বজনক এৰি থৈ যায় ।

Leave A Reply