দুমুনিচকী কুৰুৱা পথৰ গনেশকুঁৱৰীত অত্যাধুনিক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ মুকলি

দৰং জিলাৰ দুমুনিচকীৰ নিকটৱৰ্তী গনেশকুঁৱৰী হাইস্কুল চ’কৰ সমীপত ‘ৰিলায়েন্স লেব’ নামৰ প্ৰতিষ্ঠানটোৰ সৌজ্যন্যত তথা স্থানীয় যুৱক ফকৰদ্দিন আহমেদৰ নেতৃত্বত এফ আৰ পলিক্লিনিক নামৰ স্বাস্থ্য পৰীক্ষা প্ৰতিষ্ঠান এটি মুকলি কৰা হয়।

প্ৰতিষ্ঠানটোত সকলো ধৰণৰ ৰোগৰ তেজৰ লগতে অন্যান্য পৰীক্ষাৰো সুবিধা উপলব্ধ হ’ব । এই ৰোগ নিৰ্ণয় পৰীক্ষা কেন্দ্ৰটোৰ শুভ উদ্বোধনী কৰে ৰিলায়েন্স মেড লেবৰ বিষয়া প্ৰকাশ কুমাৰ দত্তই । শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি শতাধিক ব্যক্তিৰ তেজ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয় প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা।

যুৱ সমাজকৰ্মী মফিদুল হকে আঁতধৰা শুভ উদ্বোধনী অনুষ্ঠানটোত ৰিলায়েন্সৰ লেবৰ কৰ্মচাৰী ৰূপশিখা শৰ্মা , পল্লবী মজুমদাৰ আৰু সমাজকৰ্মী ইছলামুদ্দিন আহমেদক এফ আৰ পলিক্লিনিক তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ ৰিপৰ্ট প্ৰতিবেদন

Related Articles