Breaking

বকোত বি জে পিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

0 2,066

ভাৰতীয় জনতা পাৰ্টীৰ নীতি নিৰ্দেশনা আৰু আদৰ্শক দলীয় কৰ্মীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা জনকল্যাণ মুলক আঁচনিৰ বিষয়ে ভোটাৰক অৱগত কৰিবলৈ আজি কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সভা। দিনৰ ২ বজাত কামৰূপ জিলাৰ বকোত বকো গান্ধী মৈদানৰ ৰঙ্গমঞ্চত জিলা বি জে পিৰ উদ্যোগত আয়োজন কৰা হৈছে পৃষ্ঠা প্ৰমুখ সন্মিলন সভা।বকো ; ছমৰীয়া আৰু নগৰবেৰা মণ্ডল সমিতি বি জে পিৰ কাৰ্য্যকৰ্তাৰ সহযোগত অনুষ্ঠিত হোৱা সন্মিলনত পৌৰহিত্য কৰে জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে। দক্ষিণ কামৰূপ জিলা ভিত্তিত আয়োজন কৰা পৃষ্ঠা প্ৰমুখ সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ; ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা ; ৰাজ্যিক উপ সভানেত্ৰী তথা মহিলা মৰ্চাৰ প্ৰভাৰী বিজুলী কলিতা মেধি ; ৰাজ্যিক কাৰ্যনিৰ্বাহক লাংকী ফাংচু ; অনুসুচীত জাতি মৰ্চাৰ উপ সভাপতি কুশল জ্যোতি মালাকৰ ; সম্পাদক সুকুমাৰ বিশ্বাস ; ৰাজ্যিক কাৰ্যনিৰ্বাহক নিলোপম দাস আৰু সীমান্ত দাস ; সম্পাদক অনুপ কুমাৰ মেধি ; মহিলা প্ৰভাৰী কল্পনা দাস ; জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ বিশ্বাস আদিৰ উপৰিও বহু কেইজন নেতা উপস্থিত থাকে। সভাত ভাৰতীয় জনতা পাৰ্টীৰ অসম চৰকাৰৰ জনকল্যাণ মুলক আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হোৱা আৰু অনাগত দিনত ৰাইজৰ বাবে লোৱা আঁচনিৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে ; জিলা পৰ্য্যায়ৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সভা খনত দক্ষিণ কামৰূপ জিলা প্ৰভাৰী সকল ; যুৱ মৰ্চা ; মহিলা মৰ্চা ; কিষাণ মৰ্চা ; কৃষক মৰ্চা ; জনজাতি মৰ্চা সভানেত্ৰী আদিকে ধৰি মণ্ডল সমিতিৰ সভাপতি/ সম্পাদক সকল আৰু প্ৰতিটো মৰ্চাৰ সভাপতি / সম্পাদক আৰু বুথ পৰ্য্যায়ৰ সমিতিৰ সভাপতি / সম্পাদক সকল উপস্থিত থাকে। বকোৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত বিশাল জনসমাগমত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত সৰ্বসাধাৰণৰ মাজত ৰূপায়ণ কৰা আঁচনি সমুহৰ যোগেদি ৰাইজৰ উপকাৰৰ ওপৰত বহল বাখ্যা আগবঢ়াই।

Leave A Reply