Breaking

হাজোৰ সু -সন্তান,কৃতি শিক্ষক ৰজনী শালৈক ৰাজ্যিক শিক্ষক গৌৰৱ বঁটা প্ৰদান

0 65

কামৰূপ জিলাৰ হাজোৰ চেছামূখ গাওঁ নিবাসী বিশিষ্ট শিক্ষক তথা সাহিত্যিক ৰজনী শালৈক এইবেলি ৰাজ্যিক শিক্ষক গৌৰৱ বটা প্ৰদান কৰা হৈছে। অসমৰ অন্যতম সংগঠন ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সৌজ্যনত মানৱ সম্পদ গঢ়াত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত হাজোৰ কৃতি শিক্ষক ৰজনী শালৈক “ৰাজ্যিক শিক্ষক গৌৰৱ বটা ২০২২”ৰে বিভূষিত কৰা হৈছে। উল্লেখ্য যে কৃতি শিক্ষক ৰজনী শালৈ এগৰাকী শিক্ষক হোৱাৰ উপৰিও এগৰাকী সাহিত্যিক ৰূপে হাজো অঞ্চলৰ বিজ্ঞ মহলৰ মাজত পৰিচিত হৈ আহিছে ।

পিতৃ চানাৰাম শালৈ আৰু মাতৃ প্ৰয়াত বাসন্তী শালৈৰ সুযোগ্য সন্তান ৰজনী শালৈয়ে ১৯৯৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ১৯৯৯ চনত বি এড ডিগ্ৰী লাভ কৰে । পাচগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা জীৱনৰ আৰম্ভ কৰি পিছলৈ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত বিষয় শিক্ষক ৰূপে যোগদান কৰি বৰ্তমানে কৰ্মৰত হৈ এগৰাকী সফল শিক্ষক ৰূপে ছাত্র ছাত্রীৰ লগতে শিক্ষক সমাজত পৰিচিতি হৈ আছে ‌। কৃতি শিক্ষক ৰজনী শালৈয়ে বিভিন্ন আলোচনী সম্পাদনা কৰাৰ উপৰিও ” মহাপুৰুষ দ্যুতি ” নামৰ এখনি মূল্যবান গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ অৱদান চহকী কৰিবলৈ সক্ষম হৈছে।

তেওঁ বৃহত্তৰ হাজো অঞ্চলৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ লগত জড়িত হৈ এগৰাকী নিষ্ঠাবান সমাজ কৰ্মী ৰূপেওঁ বৰঙনি আগবঢ়াই আহিছে । শালৈয়ে ইয়াৰ পূৰ্বতে দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা “শিক্ষা সংগঠক”বটা আৰু ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ড° আম্বেদকাৰ নেশনেল ফেলশ্বিপ “বটা লাভ কৰিছিল ।

হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপ’ৰ্ট

Leave A Reply