Breaking

ধৰ্মৰ নামত উৰ্ফিৰ কাপোৰ আৰু তাপসীৰ গহনা চোৱা বন্ধ কৰক! কোনে ক’লে এই কথা…

0 281

ধৰ্মৰ নামত উৰ্ফিৰ কাপোৰ আৰু তাপসীৰ গহনা চোৱা বন্ধ কৰক! শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু হৈছিল য’ত তেওঁ দেৱী লক্ষ্মীৰ লকেট পৰিধান কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু তাপসীৰ পূৰ্বে আন বহু অভিনেতাৰ বিৰুদ্ধে ৰাইজৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। যি নহওক, ধৰ্মৰ নামত অভিনেতাক ট্ৰলিং কৰাটো আজিৰ যুগত ফেশ্বনেবল হৈ পৰিছে। শেহতীয়াকৈ তাপসী পান্নুৱে লাকমে ফেশ্বন উইকত অংশ লৈছিল য’ত তেওঁ দেৱী লক্ষ্মীৰ গহনাৰে ডিপ নেক ড্ৰেছ পিন্ধিছিল। ইয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। কিছুমানে বিশ্বাস কৰে যে তেওঁ তেওঁলোকৰ ধৰ্মীয় আৱেগক আঘাত দিছিল।

জানুৱাৰী মাহত দীপিকা পাডুকনে গেৰুৱা ৰঙৰ বিকিনি পিন্ধাৰ বাবে ট্ৰ’ল কৰা হৈছিল। ‘পাথান’ৰ ‘বেছাৰাম ৰং’ গীতটোত কমলা ৰঙৰ বিকিনি পিন্ধিছিল অভিনেত্ৰীগৰাকীয়ে।এই সন্দৰ্ভত একাংশই ছ’চিয়েল মিডিয়াত হুলস্থুল কৰিবলৈ ধৰিলে। প্ৰতিবাদৰ লগতে গোচৰো ৰুজু হয়।

ধৰ্মৰ নামত মানুহে আমিৰ খানক বহুত ট্ৰল কৰিছে। আচলতে পি কে ছবিখনত আমিৰৰ নগ্ন পোষ্টাৰখনক লৈ যথেষ্ট হুলস্থুল হৈছিল। হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ লোক এই কথাক লৈ ক্ষোভিত হৈ পৰিছিল।

কৰীনা কাপুৰৰ নামো এই তালিকাত আছে। আচলতে সীতা মাতাৰ চৰিত্ৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীৰ নাম চৰ্চা হৈছিল। এই ভূমিকাৰ বাবে কৰীনাই ১২ কোটি টকা বিচৰা বুলি খবৰ ওলাইছিল। অৱশ্যে সংবাদ মাধ্যমত এনে খবৰ অহাৰ লগে লগে মানুহে তেওঁক ট্ৰ’ল কৰিবলৈ ধৰিলে।


শেষত ছ’চিয়েল মিডিয়াৰ চেন্সেশন উৰ্ফি জাভেদৰ কথা কওঁ। কাপোৰৰ বাবেই বহুবাৰ বিতৰ্কত আবদ্ধ হৈ পৰিছে তাই। উৰ্ফীয়ে নিজেই প্ৰকাশ কৰে যে ফৈজান আনছাৰীয়ে তেওঁৰ বিৰুদ্ধে ফতোৱা দাবী কৰিছিল।

Leave A Reply