Breaking

চেঙাৰ কাছুমাৰা-মহচৰাত ধুমুহাৰ তাণ্ডৱ

0 2,068

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা -মহচৰা অঞ্চলত কালি সন্ধিয়া সময়ত অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাই অঞ্চলটোৰ বহুতোৰে ঘৰৰ চালি উৰুৱাই নিয়াৰ লগতে বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰি একাধিক ঘৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ হয়। তদুপৰি ধুমুহাৰ ফলতবিদ্যুতৰ তাঁৰ চিঙি লণ্ডভণ্ড হৈ অঞ্চলটোত বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈ পৰিছে।শীঘ্ৰে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছে ৷

Leave A Reply