Breaking

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড:বিদ্যুৎ সংযোগ নিদিয়াকৈ বিভাগে দিলে বিল

0 1,031

প্ৰতিখন চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু গ্ৰাম্যাঞ্চল সমূহত উন্নয়ন আজিও বহু বাকী । কৰবাত যদি নাই পথ কৰবাত আকৌ বিদ্যুৎৰ সুবিধা নোপোকৈ বছৰৰ পাছত বছৰ পাৰ হৈছে । চৰকাৰ মন্ত্ৰী বিধায়কে উন্নয়নৰ কথা কৈ থকা সময়তে খোৱাঙত বিদ্যুৎ বিভাগৰ আজব কাণ্ড পোহৰলৈ আহিছে । ডিব্ৰুগড় জিলাৰ কুটুহা গাঁও পঞ্চায়তৰ খোৱাঙৰ কাৱৈমাৰিত বিদ্যুৎ সংযোগ নিদিয়াকৈ বিদ্যুৎ বিভাগে দিলে বিল। গাঁও খনত ২০১৯ত বিদ্যুৎ বিভাগে ঘৰে ঘৰে বিদ্যুৎ মিটাৰ লগাইছিল যদিও আজি পৰ্যন্ত বিদ্যুৎ যোগান নিদিলে । ফলত গাঁও খনৰ বহু কেইটা পৰিয়ালে নিজে চুৰ কৰিয়ে বিদ্যুৎ ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে । বিদ্যুৎ বিভাগে বিষয়টো গুৰুত্ব আৰোপ কৰি গাঁও খনত লগাই থোৱা বিদ্যুৎ মিটাৰ বিলাকত বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ।

Leave A Reply