Breaking

মৈৰাবাৰীত জুন মাহৰ ‘বাটৰ কবিতা’ সম্পন্ন

0 18

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ দশম বৰ্ষৰ ষষ্ঠটো অনুষ্ঠান আজি আবেলি ৪ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি, লেখক মুহাম্মাদ আফজালৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বিশিষ্ট কবি, লেখক খাইৰুল ইছলামে। অনুষ্ঠানটিত ভাগ লৈ স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে শ্বাহিল ইছলাম, আশ্ৰাফুল হক, খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজালে আৰু কবিতা আবৃত্তি কৰে কলেজীয়া ছাত্ৰ মোস্তাফা আহমেদ, স্কুলীয়া বিদ্যাৰ্থীদ্বয় মুহাম্মাদ ফাহিম আৰু মাহীন চুলতানাই। তদুপৰি শিক্ষক জিন্নাতুল ইছলামে এটি গীত পৰিৱেশনৰ লগতে সঞ্চালক মুহাম্মাদ আফজালে এটি অণুগল্প পাঠ কৰি সকলোকে মুগ্ধ কৰে।

লক্ষণীয়ভাৱে আজিৰ ‘বাটৰ কবিতা’ অনুষ্ঠানত উপস্থিত থাকি
মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ জামান আকতাৰ, এছ.চি.চি.ৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনৰ লগতে কবি খাইৰুল ইছলাম আৰু কবি মুহাম্মাদ আফজালে মৈৰাবাৰী এলেকাৰ ক্ৰমবৰ্ধিত লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি অতি শীঘ্ৰে ‘ক্লীন মৈৰাবাৰী, গ্ৰীন মৈৰাবাৰী’ শীৰ্ষক এক অভিযানৰ যোগেদি স্থানীয় পাৰিপাৰ্শ্বিক সৌন্দৰ্য সুন্দৰ ৰূপত ঘূৰাই আনিবলৈ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়। সঞ্চালক মুহাম্মাদ আফজালে ‘আমাৰ সেউজ-সুন্দৰ মৈৰাবাৰী’ কবিতাৰ মাধ্যমেদি সকলোকে এই মহান কাৰ্যসূচীত সক্ৰিয়ভাৱে হাত উজান দিবলৈ মুকলি আহ্বান জনোৱাৰ লগতে ‘বাটৰ কবিতা’ৰ যুটীয়া সমন্বয়ক খাইৰুল ইছলামে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থলী মৈৰাবাৰীক পৰ্যটনৰ এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ লগতে চৰকাৰক বিনম্ৰ আহ্বান জনায়।

Leave A Reply