Breaking

চিকিৎসালয়ত ৰোগীক মনোৰঞ্জনৰ বাবে নৰ্তকীৰ নৃত্য, ভাইৰেল ভিডিঅ’

0 9,562

চিকিৎসালয়খনৰ ভিতৰত ষ্ট্ৰিপাৰসকলে নাচি থকা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ভিডিঅ’টোত এগৰাকী ষ্ট্ৰিপাৰে মানুহৰ চাৰিওফালে নাচি থকা দেখা গৈছে।

চিকিৎসালয়ত ভৰ্তি হোৱা অৱসৰপ্ৰাপ্ত বৃদ্ধ সেনাবাহিনীৰ জোৱানক মনোৰঞ্জন দিবলৈ আৰু চিকিৎসালয়ৰ ভিতৰত নাচিবলৈ ষ্ট্ৰিপাৰ নিয়োগ কৰা হয়। চিকিৎসালয় কৰ্তৃপক্ষই এই কাৰ্যৰ বাবে ক্ষমা বিচাৰিছিল। এই ঘটনা সংঘটিত হৈছে টাইৱানৰ “ভেটেৰান্স হোম” নামৰ এখন চৰকাৰী চিকিৎসালয়ত। বিদেশী সংবাদ মাধ্যম ডেইলী মেইলৰ এক বাতৰি অনুসৰি যোৱা ৭ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা। বৃদ্ধ আৱাসীসকলৰ বাবে ষ্ট্ৰিপাৰ নিয়োগ কৰাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে।

চিকিৎসালয়খনৰ ভিতৰত ষ্ট্ৰিপাৰসকলে নাচি থকা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ভাইৰেল ভিডিঅ’টোত এজন ষ্ট্ৰিপাৰে ১২ জন হুইল চেয়াৰত বহা ৰোগীক মনোৰঞ্জন দিবলৈ নাচি থকা দেখা গৈছে। ৰোগীয়ে সেই নৃত্য উপভোগ কৰি আছে। এজন আৱাসীৰ কোলাত নাচি থকা দেখা গৈছে ষ্ট্ৰিপাৰগৰাকীক।

চিকিৎসালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ‘অশোভনীয়’ হোৱাৰ বাবে বহুতে চিকিৎসালয়খন বৰ্জনৰ আহ্বান জনায়। কিন্তু চিকিৎসালয়খনে জনাইছে যে মহামাৰীৰ পৰিস্থিতিৰ বাবে একেৰাহে দুবছৰ ধৰি চিকিৎসালয়খনৰ বাৰ্ষিক অনুষ্ঠান বাতিল কৰা হৈছে। আৰু সেইবাবেই বাসিন্দাসকলে মনোৰঞ্জনৰ ষ্ট্ৰিপাৰ আনিবলৈ সিদ্ধান্ত লয়।

Leave A Reply